বৰ্তমান সময়ত অসমৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান অসম ডাউন-টাউন বিশ্ববিদ্যালয় ৷ এই বিশ্ববিদ্যালয়খনৰ পৰিবেশ্য কলা বিভাগে কালি দুখনকৈ চলচ্চিত্ৰ প্ৰদৰ্শন কৰে বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয়খনৰ পৰিৱেশ্য কলা বিভাগৰ ডিন (সন্মানীয় )উৎপল দত্তই ৷
শিক্ষাৰ্থী সকলক উৎসাহিত তথা অনুপ্ৰাণিত কৰিবৰ বাবে প্ৰদৰ্শিত দুখন চলচ্চিত্ৰৰ ভিতৰত এখন হ’ল অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা অসমৰ সুযোগ্য সন্তান মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ আৰু আনখন মেঘালয়ৰ মাতৃপ্ৰধান সমাজৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ ২০০৬ চনত শ্ৰেষ্ঠ নৃতাত্ত্বিক চলচ্চিত্ৰৰ বাবে ৰজত কমলবঁটা প্ৰাপক অসম বাসীক গৌৰৱান্বিত কৰা আন এগৰাকী অসম সন্তান প্ৰেৰণা বৰবৰুৱাৰ ‘ স্পিৰিট অফ দ্য গ্ৰেচফুল লিনেজ’ ।
উক্ত অনুষ্ঠানটোত উপস্থিত থাকে চলচ্চিত্ৰ নিৰ্মাতা মহৰ্ষি তুহিন কাশ্যপ আৰু প্ৰেৰণা বৰবৰুৱাৰ লগতে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা অতুল পাঁচনি , ধ্বনি ডিজাইনাৰ সোমনাথ গগৈ আৰু অৰ্ণব বৰাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷ উল্লেখযোগ্য যে উপস্থিত সকলো অতিথিকে সম্বৰ্ধনা জ্ঞাপন কৰে ডাউন-টাউন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।