দিল্লীত আৱকাৰী নীতি ৰূপায়নক লৈ অনিয়ম হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু দিল্লীৰ আপ চৰকাৰৰ মাজৰ সংঘাত অধিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ এদিন পিছতে আজি এনফর্চমেণ্ট সঞ্চালকালয়ে কেইবাখনো ৰাজ্যৰ ৪০টা স্থানত তালাচী চলায় ৷ দিল্লী আবকাৰী নীতি ৰূপায়নত হোৱা অনিয়মৰ অভিযোগৰ তদন্তৰ অংশ হিচাপে এই তালাচী চলোৱা হৈছে ৷
নেল্লোৰৰ লগতে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, দিল্লীৰ কেইবাখনো চহৰত সুৰা ব্যৱসায়ী, বিতৰক আৰু যোগান শৃংখলৰ নেটৱৰ্কৰ সৈতে জড়িত ব্যক্তিৰ বাসভৱন আৰু কার্যালয়ত তালাচী চলোৱা হৈছে বুলি বিষয়াসকলে সদৰী কৰিছে ৷
এই গোচৰ সন্দৰ্ভত এয়া হৈছে দ্বিতীয় পর্যায়ৰ অভিযান। তদন্ত সংস্থাটোৱে যোৱা সপ্তাহত দিল্লী, তেলেংগানা, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, আৰু কৰ্ণাটকৰ প্ৰায় ৪৫টা স্থানত তালাচী চলাইছিল ৷ ইয়াৰ উপৰিও এই গোচৰটোত নাম উল্লেখ কৰা ব্যক্তিগত ব্যক্তিৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে ৷দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ নিৰ্দেশৰ পিছতে বিত্তীয় অপৰাধৰ তদন্ত কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ লগতে এনফর্চমেণ্ট সঞ্চালকালয়ে অব্যাহত ৰাখিছে ৷
উল্লেখযোগ্য যে যোৱা ১৯ আগষ্টত চিবিআইয়ে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া, আইএএছ বিষয়া তথা দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত আৰাভা গোপী কৃষ্ণৰ দিল্লীৰ বাসগৃহৰ লগতে ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আন ১৯টা স্থান সামৰি এই গোচৰত অভিযান চলাইছিল। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰত আবকাৰী আৰু শিক্ষাকে ধৰি একাধিক বিভাগৰ মন্ত্ৰী হৈছে ছিছ’ডিয়া।