এখন ফট’ ৷ যি হয়তো নষ্টালজিক কৰি তুলিব ৮০ৰ দশকৰ প্ৰতি গৰাকী ব্যক্তিকে ৷ সেই সময়ত বহুল ভাৱে প্ৰচাৰিত হোৱা ‘মাৰ্ফি ৰেডিঅ’ৰ এই বিজ্ঞাপন টোৱে সকলোৰে হৃদয়ত খোপনি পুতিছিল ৷ ৰংহীন এই ছবিখনেও ৰং সানিছিল সকলোৰে মনত ৷ ক’লা-বগা ফট’খন দেখিয়েই কল্পনাৰে ৰঙীন হৈছিল মানুহৰ মনবোৰ ৷
‘দৈনিক অসম’ বাতৰি কাকতত ১৯৮৩চনৰ ১মাৰ্চত প্ৰকাশ পোৱা ‘মোৰ ঘৰ,মোৰ পৰিয়াল,মোৰ মাৰ্ফি’ শীৰ্ষক এই বিজ্ঞাপনটোৱে প্ৰচূৰভাৱে জনপ্ৰিয়তা লাভ কৰিছিল সেই সময়ত ৷ প্ৰায় ৩৯ বছৰ পুৰণা এই বিজ্ঞাপনটো জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত আপলোড কৰি অতীত ৰোমন্থন কৰিছে ৰণধীৰ দেৱ অধিকাৰী নামৰ এগৰাকী ব্যক্তিয়ে ৷ সোণোৱালী সময়বোৰক স্মৰণ কৰি এই বিজ্ঞাপন টো শ্বেয়াৰ কৰাৰ লগে লগেই নষ্টালজিক হৈ পৰিছে বহু লোক ৷ নিশ্চয় নষ্টালজিক হৈ পৰিছে আপুনিও ৷