গুজৰাটৰ বিধান সভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আপৰ উত্থানত শংকিত হৈছে নেকি বিজেপি ? নির্বাচনত জয়ী হ’বলৈ ভয় ভাবুকিৰ ৰাজনীতি আৰম্ভ কৰিব নেকি বিজেপিয়ে ? এই আংশকাই এতিয়া ঘনীভূত হৈ পৰিছে ৷ কিয়নো আপৰ বৈঠক অনুষ্ঠিত কৰিবলৈ নির্ধাৰণ কৰা প্ৰেক্ষাগৃহৰ মালিকক বিজেপিয়ে ভাবুকি দিয়াৰ বাবে বদোদৰাত ১৩ টা স্থান সলনি কৰিব লগীয়া হৈছে দলটোৱে ৷ এই অভিযোগ উত্থাপন কৰিছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷
মঙলবাৰে বিয়লি গুজৰাটৰ বদোদৰাত উপস্থিত হোৱা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে আপে চহৰখনত এটা দলীয় অনুষ্ঠানৰ বাবে বুকিং কৰিবলৈ চেষ্টা কৰা ১৩টা স্থানৰ মালিকক বিজেপিয়ে ভাবুকি দিছে ৷ বিজেপিয়ে গুণ্ডাগিৰিৰ আশ্ৰয় লৈছিল বুলি উল্লেখ কৰি কেজৰিৱালে লগতে কয় যে বিজেপিৰ দৰে অবৈধ সুৰা ব্যৱসায়ৰ অনুমতি নিদিয়াকৈ গুজৰাটত সুৰা নিষিদ্ধ কৰিব আপে ৷
বদোদৰাত শিক্ষক আৰু অভিভাৱকৰ সৈতে মত বিনিময়ৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কেজৰিৱালে বিজেপিয়ে মঙলবাৰে আপে নিজৰ অনুষ্ঠানৰ বাবে বাছনি কৰা স্থানসমূহৰ মালিকৰ সৈতে যোগাযোগ কৰাৰ অভিযোগ উত্থাপন কৰে।
তেওঁ কয় “তেওঁলোকে ১৩টা স্থানৰ মালিকক মাতি ভাবুকি দিলে ৷ আমি এটা স্থান বাছি লোৱাৰ লগে লগে নিৰ্দেশ দিব যে আপক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ দিয়া উচিত নহয ৷ কেজৰিৱালক অনুমতি দিয়া উচিত নহয়। আমি ১৩ বাৰ স্থান সলনি কৰিবলগীয়া হৈছিল ৷ এয়া ন্যায্য নহয়। আমি শত্ৰু নহয় সহ-প্ৰতিযোগীহে। ন্যায়পৰায়ণ হওঁ আহক৷ তুমি তোমাৰ ৰাজনীতি কৰা, মোক মোৰ ৰাজনীতি কৰিব দিয়া। কিন্তু গুণ্ডাগিৰিৰ আশ্ৰয় লৈছে বিজেপিয়ে। কেৱল মোৰ লগত নহয়, গুজৰাটবাসীকহে এই কাম কৰিছে। বিজেপিৰ গুণ্ডাগিৰিত গুজৰাটৰ জনসাধাৰণ ভাগৰি পৰিছে।’