অসুস্থ হৈ পৰিছে বিশিষ্ট শিল্পী নীলপৱন বৰুৱা ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্ত্তি কৰোৱা হৈছে বর্ষীয়ান শিল্পী গৰাকীক ৷ হাস্পতালখনৰ অধীক্ষক অভিজিৎ শর্মাই সদৰী কৰা অনুসৰি কিডনী- হৃদযন্ত্ৰ সমস্যাৰ বাবে শিল্পী গৰাকী অসুস্থ হৈ পৰিছে ৷ হাস্পতালখনৰ কেইবাজনো বিশেষজ্ঞ চিকিৎসকে বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কেইবাটাও পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি বর্তমান প্ৰবীন শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ ৷ অৱশ্যে ২৪ ঘণ্টা আইচিইউত ৰাখি তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰিব চিকিৎসকে ৷