শেহতীয়াভাৱে কেইবা গৰাকী মুছলমান নেতাৰ সৈতে আলোচনাত মিলিত হৈছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত ৷ আৰএছএছ প্ৰধান গৰাকীয়ে আজি দিল্লীত পুনৰ এজন বিশিষ্ট ইছলামিক ধর্মীয় গুৰুক সাক্ষাৎ কৰে। দিল্লীৰ মাজমজিয়াত থকা এটা মছজিদত নিখিল ভাৰত ইমাম সংগঠনৰ মুখ্য মৌলবী উমেৰ আহমেদ ইলিয়াছিক সাক্ষাৎ কৰে মোহন ভাগৱতে। এঘণ্টাৰো অধিক সময় ইছলামিক ধর্মীয় গুৰু গৰাকীৰ সৈতে তেওঁ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ সাম্প্ৰদায়িক সম্প্ৰীতি সুদৃঢ় কৰাৰ বাবে বিগত কিছুদিন ধৰি মুছলমান বুদ্ধিজীৱীৰ সৈতে আলোচনাত মিলিত হৈছে আৰ এছ এছৰ মুৰব্বীগৰাকী । আৰ এছ এছৰ মুখপাত্ৰ সুনীল আম্বেকাৰে কয় যে, “আৰ এছ এছৰ সৰ্বসংঘচালকে সকলো স্তৰৰ লোকক সাক্ষাৎ কৰে। ই এক নিৰন্তৰ সাধাৰণ আলোচনা প্ৰক্ৰিয়াৰ অংশ।”
যোৱা মাহত ভাগৱতে পাঁচজন মুছলমান বুদ্ধিজীৱীক সাক্ষাৎ কৰি দেশৰ “বৰ্তমানৰ পৰিৱেশ”ক লৈ উদ্বেগ প্ৰকাশ কৰিছিল ৷ বাৰাণসীৰ জ্ঞানবাপী মছজিদ চৌহদৰ ভিতৰৰ এটা মন্দিৰত হিন্দুসকলক প্ৰার্থনাৰ বাবে অনুৰোধ জনোৱা আবেদনৰ পটভূমিত “প্ৰতিটো মছজিদৰ তলত শিৱলিংগ বিচৰাৰ” প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰা ভাগৱতৰ বক্তব্যৰ কেইসপ্তাহমানৰ পিছতে গোটটোৱে মিলিত হ’ব বিচাৰিছিল ৷ ৭৫ মিনিটৰ এই বৈঠকত উপস্থিত থকা প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেছিয়ে কয় যে দেশৰ পৰিস্থিতিক লৈ চিন্তিত ভাগৱত ৷ আৰ এছ এছৰ মুৰব্বীগৰাকীৰ উদ্ধৃতিৰে তেওঁ কয়, “বিশৃংখল পৰিৱেশত মই সুখী নহয়। ই সম্পূৰ্ণ ভুল। সহযোগিতা আৰু সংহতিৰেহে দেশ আগবাঢ়িব পাৰিব। এই আলোচনাতে গো বধে হিন্দুসকলক বিচলিত কৰে বুলিও ভাগৱতে উল্লেখ কৰে ৷
এই বৈঠকত দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নজীব জং, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন চ্যান্সেলৰ লেফটেনেণ্ট জেনেৰেল জমীৰ উদ্দিন শ্বাহ, প্ৰাক্তন সাংসদ শ্বাহিদ ছিদ্দিকী আৰু ব্যৱসায়ী ছাইদ শ্বেৰৱানীয়েও অংশগ্ৰহণ কৰে।