অভূতপূর্ব আৰু প্ৰলয়ংকাৰী বানে ব্যাপক ক্ষতিসাধন কৰা পাকিস্তানৰ বিভিন্ন অঞ্চল পৰিদর্শন কৰে হলিউডৰ তাৰকা এঞ্জেলিনা জ’লিয়ে ৷ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদর্শন কৰি তাৰকা গৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ পৰা বিশ্ববাসীলৈ আহিব পৰা সংকটৰ এক আগজাননী হৈছে পাকিস্তানৰ বান দুৰ্যোগ ৷ ক্ষতিগ্ৰস্তসকলক সাক্ষাৎ কৰাৰ পিছত তেওঁ অধিক আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ আহ্বান জনাইছে।
ৰাজধানী ইছলামবাদত অসামৰিক আৰু সামৰিক বিষয়াসকলৰ এখন বৈঠকত তেওঁ কয় “ আন্তঃৰাষ্ট্ৰীয় সমাজক অধিক সহায় আবঢ়াবলৈ মই আহ্বান জনোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সৈতে মই আছো ৷ মই ভাবো যে আমি এতিয়া কি পর্যায়ত উপস্থিত হৈছো এয়া তাৰ এক বার্তা ৷“
ৰাষ্ট্ৰসংঘক প্ৰতিনিধিত্ব কৰা জ’লীয়ে বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত অন্যতম দক্ষিণ সিন্ধ প্ৰদেশ ভ্ৰমণ কৰি শিবিৰত বাস কৰা স্থানচ্যুত বানপীড়িতসকলক সাক্ষাৎ কৰে। জ’লিয়ে কয় –“ মই ক্ষতিগ্ৰস্তৰ সৈতে কথা পাতি ভাবিছো যে যদিহে পৰ্যাপ্ত সাহায্য নাহে তেন্তে অহা কেইসপ্তাহমানৰ ভিতৰত তেওঁলোক অসুবিধাৰ সন্মুখীন হ’ব ৷”
উল্লেখ্য যে পূর্বৰ সকলো অভিলেখ ভংগ কৰা এই বান জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুলি প্ৰকাশ কৰিছে ৷ পাকিস্তানত অভূতপূৰ্ব বানপানীত এক তৃতীয়াংশ অঞ্চল বুৰ যোৱাৰ লগতে প্ৰায় ১৬০০ লোকৰ মৃত্যু হোৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে ৷ সাত নিযুতকৈ অধিক লোক স্থানচ্যুত হৈছে ৷