আজি অসমৰ সজীৱ ভূমিত অংকুৰিত হোৱা ‘কুটুম্ব সুৰক্ষা পৰিষদ’ চমুকৈ কে.এছ.পি.ৰ সাংগঠনিক ভেটি ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ দৰে দুই বিশাল ৰাজ্যত সুদৃঢ় কৰিবৰ বাবে গঠন কৰা হ’ল আগ্ৰহী কিছু ব্যক্তিৰ একোটিকৈ আলোচক মণ্ডলী গোট । লগতে, এই পৰিষদ খনক সম্প্ৰসাৰিত কৰি ৰাষ্ট্ৰীয় সমিতি গঠনৰ ওপৰতো আলোকপাত কৰা হয়।
ইয়াৰোপৰি, উত্তৰ প্ৰদেশৰ দৈৱিক ভূমি বৃন্দাবনত অনুষ্ঠিত হ’ব লগীয়া সূত্ৰধাৰ অনুষ্ঠানৰ বাবে স্থানীয় ভাৱে ব্যৱস্থাপনাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে অখণ্ড ভাৰত পৰিষদ আখাড়াৰ মথুৰা জিলা সমিতি আৰু মথুৰাৰ ভাৰতীয় সংস্কৃতি এবম ভাগৱত জ্যোতিষ প্ৰচাৰ কেন্দ্ৰই ।