উত্তৰাখণ্ডৰ পৌৰী জিলাৰ ঋষিকেশৰ ওচৰৰ এখন ৰিজ’ৰ্টত ৰিচেপচনিষ্ট হিচাপে কাম কৰা এগৰাকী ১৯ বছৰীয়া যুৱতীক হত্যা কৰাৰ অভিযোগত জ্যেষ্ঠ বিজেপি নেতা বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত আৰ্য্যক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰথমে পুলকিতে ৰিচেপচনিষ্ট গৰাকী সন্ধানহীন হোৱা বুলি খবৰ দিয়ে ৷ কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে দুজন কৰ্মচাৰীৰ সৈতে মিলি যুৱতী গৰাকীক পুলকিটে হত্যা কৰিছিল ৷ ইতিমধ্যে অন দুজনকো গ্ৰেপ্তাৰ কৰা হৈছে।যুৱতী গৰাকীৰ পৰিয়ালে পুলকিত আৰ্য্যৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰি আহিছিল ৷ কিয়নো তেওঁ তদন্তত সহায় কৰা নাছিল।এটা পুখুৰীৰ পৰা যুৱতী গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছিল ৷
ধৃত পুলকিত আৰ্য্যৰ পিতৃ বিনোদ আৰ্য্য বৰ্তমান কোনো চৰকাৰী দায়িত্বত নথকা সত্বেও ৰাজ্যিক মন্ত্ৰীৰ মর্যদা লাভ কৰি আহিছে ৷ বিনোদ আৰ্য্যই পূৰ্বে মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মৃৎশিল্প প্ৰচাৰৰ বাবে গঠন কৰা চৰকাৰী সংস্থা উত্তৰাখণ্ড মৃৎশিল্প ব’ৰ্ডৰ অধ্যক্ষ হৈয়েই আছিল। পুলকিতৰ ভাতৃ অংকিত আৰ্য্যও বিজেপিৰ নেতা।
আৰক্ষী অধীক্ষক অশোক কুমাৰে কয় যে কালি জিলা দণ্ডাধীশে গোচৰটো তেওঁলোকলৈ হস্তান্তৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ৰিজৰ্টৰ মালিকজনৰ উপৰি আন দুজন অভিযুক্ত বুলি প্ৰমাণিত হৈছে। অধিক তদন্ত চলি আছে।কিশোৰীগৰাকীক জোৰ কৰি দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ অভিযোগ উত্থাপন হৈছে যদিও আৰক্ষীয়ে সেই কথা স্পষ্ট কৰা নাই ৷
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশ মৰ্মে সংশ্লিষ্ট কৰ্তৃপক্ষই নিশাটোৰ ভিতৰতে ৰিজৰ্টখনত বুলড’জাৰ লগাই ভাঙি পেলায় ৷ মুখ্যমন্ত্ৰীয়ে জিলা দণ্ডাধীশকো ৰাজ্যৰ সকলো ৰিজৰ্টৰ তদন্ত কৰিবলৈ নির্দেশ দিছে ৷ আজি অভিযক্তকেইজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত স্থানীয় লোকে আৰক্ষীৰ বাহনখন ঘেৰাও কৰি তেওঁলোকক আক্ৰমণ কৰে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে যিয়েই জড়িত নহওক কিয় “আটাইতকৈ কঠোৰ পদক্ষেপ” গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে ৷ সাংবাদিকৰ আগত তেওঁ কয়, “এয়া অতি দুখজনক ঘটনা, অতি জঘন্য অপৰাধ। আটাইতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। দোষী যিয়েই নহওক, ৰেহাই দিয়া নহ’ব।”
পুলকিত আৰ্য্যৰ উপৰি ৰিজৰ্ট মেনেজাৰ সৌৰভ ভাস্কৰ আৰু সহকাৰী মেনেজাৰ অংকিত গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছে। পৌৰীৰ এজন আৰক্ষী বিষয়াই লগতে কয় যে প্ৰথম অৱস্থাত তেওঁলোকে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কঠোৰভাৱে সোধা-পোছা কৰাৰ সময়ত তেওঁলোকে অপৰাধ স্বীকাৰ কৰিছিল।