বিগত কেইবামাহজোৰা যুদ্ধৰ পাছতো ইউক্ৰেইন দখল কৰাত ব্যর্থ হোৱা ৰাছিয়াই ক্ৰমাৎ শক্তিশালী কৰিছে সামৰিক বাহিনী ৷ শেহতীয়াকৈ পশ্চিমীয়া দেশসমূহক সকীয়নি দিয়া ৰাছিয়াই এইবাৰ ছোভিয়েট যুগৰ একাধিক টেংকাৰ ব্যৱহাৰ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে ৷ ৰাছিয়াৰ ৰে’লপথত ছোভিয়েট যুগৰ একাধিক টেংক শাৰী পাতি থকা এটা ভিডিঅ’ ছছিয়েল মিডিয়াত ইতিমধ্যে প্ৰকাশ পাইছে। ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰীৰ উপদেষ্টা এণ্টন গেৰাচেংকোৱে টুইটাৰত এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰি দাবী কৰে যে ইউক্ৰেইন যুদ্ধত নিয়োগ কৰাৰ বাবে ৰাছিয়াই নিজৰ ৫০ বছৰীয়া টি-৬২ টেংকসমূহ ষ্ট’ৰেজৰ পৰা উলিয়াই আনিছে।
Old Soviet tanks taken out of conservation by Russia – with no protection against modern weapons.
And new Russian conscripts (also with no protection against modern weapons and a modern army – we've seen what they fight in).
Perfect combination, doomed for success, I would say. pic.twitter.com/Lh3tNLA0AE
— Anton Gerashchenko (@Gerashchenko_en) September 23, 2022
উল্লেখ্য যে ইউক্ৰেইনৰ যুদ্ধই সপ্তম মাহ অতিক্ৰম কৰিছে । ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ জেনেৰেল ষ্টাফৰ তথ্য অনুসৰি চলিত বৰ্ষৰ আৰম্ভণিতে ২৪ ফেব্ৰুৱাৰীত আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াই প্ৰায় ২২৫৪ খন টেংক ধ্বংসপ্ৰাপ্ত হৈছে ৷
শেহতীয়াকৈ ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই যুদ্ধত ৰাছিয়াই যথেষ্ট সংখ্যক টেংক হেৰুৱাইছে বুলি দাবী কৰাৰ লগতে মস্কোৱে ৫০ বছৰীয়া টি-৬২ টেংকসমূহ “ডিপ ষ্ট’ৰেজ”ৰ পৰা উলিয়াই আনি নিয়োগ কৰিবলৈ স্থানান্তৰ কৰা বুলি দাবী কৰাৰ পিছতে শেহতীয়াকৈ এই টুইটাৰ ভিডিঅ’টো প্ৰকাশ পাইছে ৷
১৯৬১ চনৰ পৰা ১৯৭৩ চনলৈকে ছোভিয়েট ইউনিয়নত প্ৰায় ২০ হাজাৰ টেংক নির্মাণ কৰা হৈছিল ৷ টি-৬২ টেংকসমূহত অৰ্ধস্বয়ংক্ৰিয় ১১৫ মিলিমিটাৰ স্মুথব’ৰ বন্দুক সংযোজিত কৰা হৈছে ৷ ই আছিল ছোভিয়েট ইউনিয়নত উৎপাদিত শেষৰখন মধ্যমীয়া টেংক।