তৃতীয় তথা অন্তিম টি-২০ত অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ টি-২০ শৃংখলা ২-১ ব্যৱধানত দেওবাৰে টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক পৰাজিত কৰে ৷ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন টি-২০ খেলত বিৰাট কোহলীৰ ৬৩ ৰান আৰু সূৰ্যকুমাৰ যাদৱৰ ৬৯ ৰানৰ বৰঙনিৰে মুঠ ১৮৭ ৰান স্ক’ৰ কৰি টীম ইণ্ডিয়াক জয়লাভ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এটা বর্ষত সৰ্বাধিক জয় লাভ কৰাৰ আন এক মাইলৰ খুঁটি অৰ্জন কৰে ৷
এই জয়ৰ জৰিয়তে টিম ইণ্ডিয়াই নিজৰ তীব্র প্ৰতিদ্বন্দ্বী পাকিস্তানক অতিক্ৰম কৰিলে ৷ ইয়াৰ পূৰ্বে ২০২১ চনত ২০ খন টি-২০ খেলত জয়লাভ কৰি পাকিস্তানে এই অভিলেখ গঢ়িছিল ৷ দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰাৰ লগে লগে টিম ইণ্ডিয়াই চলিত বর্ষৰ ২১ সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত জয়লাভ কৰিলে ৷
উল্লেখ্য যে তৃতীয়খন টি-২০ খেলত ৬ উইকেটত জয়লাভ কৰি ২-১ ব্যৱধানত শৃংখলা দখল কৰে।ইয়াৰ পূৰ্বে টিম ডেভিদ আৰু কেমেৰন গ্ৰীনে ক্ৰমে ৫৪ আৰু ৫২ ৰান সংগ্ৰহ কৰি ২০ অভাৰত অষ্ট্ৰেলিয়াক ১৮৬/৭ ৰান সংগ্ৰহ কৰাত সহায় কৰিছিল। ভাৰতৰ হৈ অক্ষৰ পেটেলে তিনিটা উইকেট দখল কৰে ৷