দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ খেলৰ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে ৷ শ্ৰেয়াছ আয়াৰ, শ্বাহবাজ আহমেদ আৰু উমেশ যাদৱক দলত অন্তভুর্ক্ত কৰাৰ বিপৰীতে আঘাতৰ বাবে দীপক হুডাক বাদ দিয়া হৈছে বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এক বিবৃতিত প্ৰকাশ কৰিছে ৷ বিচিচিআইৰ বিবৃতিত কোৱা হৈছে যে, “পিঠিত আঘাত পোৱাৰ বাবে আগন্তুক মাষ্টাৰকাৰ্ড চাউথ আফ্ৰিকা ট্যুৰ অৱ ইণ্ডিয়াত দীপক হুডাই খেলিব নোৱাৰিব। অলৰাউণ্ডাৰগৰাকী তেওঁৰ আঘাতৰ বাবে এনচিএত আছে।” বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি হাৰ্ডিক পাণ্ডিয়া আৰু ভুৱনেশ্বৰ কুমাৰেও কণ্ডিচনিং সম্পৰ্কীয় কামৰ বাবে এনচিএক ৰিপৰ্ট দিছে ৷
মহম্মদ ছামী এতিয়াও ক’ভিড-১৯ৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা নাই আৰু এই শৃংখলাৰ অংশ নহ’ব বুলিও বিচিচিআইয়ে নিশ্চিত কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত হোৱা শৃংখলাৰ বাবে ছামীৰ সলনি উমেশ যাদৱক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলত স্থান দিয়া হৈছে ৷ বুধবাৰে তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টি-২০ মেচ ৷ ইয়াৰ পাছতে গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন ট-২০ মেচ ৷অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া ২০২২ চনৰ টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়ালৈ যোৱাৰ পূৰ্বে এইখনেই হ’ব ভাৰতৰ চূড়ান্ত টি-২০ শৃংখলা ৷
ভাৰতীয় দল: ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেট-কীপাৰ), দীনেশ কাৰ্তিক (উইকেট-কীপাৰ), ৰবিচন্দ্ৰন আশ্বিন, যুজবেন্দ্ৰ চাহাল, অক্সাৰ পেটেল, আৰ্শদীপ সিং, হৰ্ষল পেটেল, দীপক চাহাৰ, যশপ্ৰীত বুমৰাহ, উমেশ যাদৱ, শ্ৰেয়াছ আয়াৰ, শ্বাহবাজ আহমেদ।