আপোনাৰ পাছপ’ৰ্ট আবেদনৰ বাবে আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট লাভ কৰাটো এতিয়াৰ পৰা অধিক উজু হৈ পৰিব ৷ ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰত (POPSK) আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ বাবে এতিয়াৰে পৰা অনলাইনযোগে আবেদন কৰিব পাৰিব। আজিৰ পৰা এই সেৱা আৰম্ভ কৰা হৈছে ৷
পাছপ’ৰ্ট আৱেদনকাৰীক স্থানীয় আৰক্ষী থানাসমূহে তেওঁলোকৰ আৱাসিক ঠিকনা অনুসৰি এখন আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট প্ৰদান কৰে। কোনো ব্যক্তিয়ে কৰ্মসংস্থাপন, দীৰ্ঘম্যাদী ভিছা, আৱাসিক মৰ্যাদা বা বিদেশলৈ প্ৰব্ৰজনৰ বাবে আবেদন কৰিলেও এই প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়।
ইয়াৰ পূৰ্বে চৰকাৰৰ পাছপ’ৰ্ট সেৱা প’ৰ্টেলৰ জৰিয়তে বা বিদেশত বাস কৰাসকলৰ ক্ষেত্ৰত ভাৰতীয় দূতাবাস/উচ্চ আয়োগৰ কাৰ্যালয়ত অনলাইনযোগে আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিছিল। এতিয়া পাছপ’ৰ্ট সম্পৰ্কীয় সেৱাৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ চৰকাৰে সকলো অনলাইন ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ বাবে আবেদনৰ অনুমতি দিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পুলিচ ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ চাহিদাৰ অপ্ৰত্যাশিত বৃদ্ধিৰ সমাধানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এক বিবৃতিত মন্ত্ৰালয়ে কয় যে ইয়াৰ দ্বাৰা আগতীয়াকৈ আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট নিযুক্তি শ্লটৰো উপলব্ধতা কৰা হ’ব। ২৮ ছেপ্টেম্বৰৰ পৰা সকলো ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰত উপলব্ধ হ’ব এই সুবিধা। লগতে মন্ত্ৰালয়ে কয় যে “এই আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট আবেদনৰ সুবিধা ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰ সমূহলৈ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ে গ্ৰহণ কৰা ব্যৱস্থাই, কেৱল বিদেশত কৰ্মসংস্থাপন বিচৰা ভাৰতীয় নাগৰিকসকলক সহায় কৰাই নহয়, আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ অন্যান্য প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিব ৷”
ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ডাক বিভাগৰ যৌথ পদক্ষেপে নাগৰিকসকলক পাছপ’ৰ্ট সম্পৰ্কীয় সেৱা আগবঢ়ায়। সৰু সৰু চহৰসমূহত নাগৰিকসকলক বহল পৰিসৰত পাছপ’ৰ্ট সম্পৰ্কীয় সেৱা আগবঢ়োৱাৰ বাবে এই পদক্ষেপ আৰম্ভ কৰা হৈছে। বৰ্তমান সমগ্ৰ দেশতে ৪২৮ টা ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰই কাম কৰি আছে।