সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাৰ আটাইতকৈ নিকটতম ছবি লাভ কৰিবলৈ সক্ষম হৈছে মহাকাশ বিজ্ঞানীসকল ৷ নাছাৰ জুনো মহাকাশযানখনে ২০ বছৰতকৈও অধিক সময়ৰ ভিতৰত বৃহস্পতিৰ ইউৰোপাৰ ছবি আটাইতকৈ ওচৰৰ পৰা তুলিবলৈ সক্ষম হৈছে ৷
জুনোৱে বৃহস্পতিবাৰে ইউৰোপাৰ পৰা ২২২ মাইল (৩৫৭ কিলোমিটাৰ) দুৰত্বৰ পৰা ফটো তুলিবলৈ সক্ষম হয় ৷ এই ফটোৰ পৰা ইউৰোপাত বৰফাবৃত ভূত্বকৰ তলত এখন সাগৰ থকাৰ সম্ভাৱনা আচে বুলি সদৰী কৰিছে ৷ যাৰ ফলত পানীৰ তলত জীৱৰ সন্ধান লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে।শুকুৰবাৰৰ ভিতৰত জুনোৰ ছবিসমূহ উপলব্ধ হ’ব বুলি নাছাই প্ৰকাশ কৰিছে। শেহতীয়া পৰ্যবেক্ষণে নাছাক ২০২৪ চনত উৎক্ষেপণ কৰিবলগীয়া ইউৰোপা ক্লিপাৰ অভিযানৰ পৰিকল্পনা কৰাত সহায় কৰিব ৷
অৱশ্যে নাছাৰ পূৰ্বৰ গেলিলিঅ’ মহাকাশযানখন হৈছে এতিয়াও ইউৰোপাৰ আটাইতকৈ ওচৰেৰে পাৰ হৈ যোৱা মহাকাশযান ৷ ২০০০ চনত ২১৮ মাইল (৩৫১ কিলোমিটাৰ)ৰ দুৰত্বৰে গেলিলিঅ’ পাৰ হৈ গৈছিল ৷