ভাৰতত এসময়ৰ জনপ্ৰিয় টি.ভি ধাৰাবাহিক আছিল ‘ৰামায়ণ’ ৷ ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছিল পৌৰাণিক হিন্দু মহাকাব্য ৰামায়ণৰ আধাৰত ৷ আজিৰ পৰা প্ৰায় ৩৪বছৰ আগতেই টি.ভি.ত সম্প্ৰচাৰিত হোৱা স্বৰ্গীয় ৰামানন্দ সাগৰৰ এই পৌৰাণিক ধাৰাবাহিকখনৰ জনপ্ৰিয়তা কিন্তু এতিয়াও হ্ৰাস পোৱা নাই ৷ লগতে অব্যাহত আছে ইয়াৰ মুখ্য চৰিত্ৰবোৰৰ প্ৰতি দৰ্শকৰ মৰম আৰু আন্তৰিকতা ।
অৱশ্যে কোভিড-১৯সৃষ্ট লকডাউনৰ সময়ছোৱাত অনুষ্ঠানটো পুনৰবাৰ টেলিভিছনৰ পৰ্দাত প্ৰদৰ্শন কৰা দেখা গৈছিল, যাৰ ফলত আকৌ এবাৰ চৰ্চালৈ আহিছিল ধাৰাবাহিক খনৰ কলাকুশলীসকল ।
শেহতীয়াকৈ, এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত অনুষ্ঠানটোত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলক মুম্বাই বিমানবন্দৰত দেখা পোৱা গৈছে আৰু তেওঁৰ আগমনৰ পিছতে এগৰাকী মহিলাই অভিনেতাজনৰ ভৰি স্পৰ্শ কৰি প্ৰণাম কৰাও দেখা গৈছে।
টুইটাৰ ব্যৱহাৰকাৰীজনে সেয়ে ভিডিঅ’টো আপলোড কৰি লিখিছে যে আনৰ হৃদয়ত আপোনাৰ প্ৰতিচ্ছবি কি, সেয়া হৈছে আপোনাৰ মহানতা। ৰামায়ণ ধাৰাবাহিকখনৰ ৩৫ বছৰৰ পিছতো কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল এতিয়াও সকলোৰে বাবে ভগৱান শ্ৰী ৰাম। আৱেগিক মুহূৰ্ত।
উল্লেখযোগ্য যে ২০১৫ চনৰ পৰা হিন্দী জিইচি শ্ব’ৰ বাবে সৰ্বাধিক ৰেটিং লাভ কৰি সৰু পৰ্দাত এক ইতিহাস ৰচনা কৰে তিনি দশকতকৈও অধিক পুৰণি ৰামায়ণ ধাৰাবাহিকখনে।যি আছিল প্ৰকৃতাৰ্থত প্ৰাচীন ভাৰতীয় হিন্দু মহাকাব্য ৰামায়ণৰ এটা দূৰদৰ্শন অভিযোজন ।
আশীৰ দশকৰ টেলি-এপিক আকৌ এবাৰ চোৱাটো কিয় গুৰুত্বপূৰ্ণ সেই সন্দৰ্ভত কথা পাতি ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতা অৰুণ গোভিলে আইএএনএছক কয় যে নতুন প্ৰজন্মই ইয়াক চাবলৈ সুযোগ পাব। লগতে তেওঁলোকে ৰামায়ণৰ নৈতিকতা, শিক্ষা আৰু মূল্যবোধ বুজি পাব। আনহাতে যদি তেওঁলোকে ধাৰাবাহিকখন পৰিয়ালৰ সৈতে চাই তেন্তে তেওঁলোকে জ্যেষ্ঠজনৰ পৰা ইয়াৰ বিষয়ে জানিব পাৰিব। ইতিবাচক এই ধাৰাবাহিক খনৰ যোগেদি সম্পৰ্কবোৰ কেনেকুৱা হ’ব লাগে তাক দেখুওৱা হৈছে ।
ভাৰতীয় দূৰদৰ্শনৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এই ধাৰাবাহিকখন ৷ যি সমগ্ৰ দেশক আকৰ্ষিত কৰিছিল। দূৰদৰ্শনত সম্প্ৰচাৰিত ‘ৰামায়ণ’ৰ প্ৰথম খণ্ড সম্প্ৰচাৰ হোৱাৰ পিছৰ পৰাই ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ বাবে যেন দেওবাৰৰ ৰাতিপুৱাবোৰ আগৰদৰে একে হৈ থকা নাছিল।
সেইসময়ৰ পৰাই ভাৰতত ৰামায়ণৰ প্ৰভাৱ এনেকুৱা আছিল যে ধাৰাবাহিকখনৰ সৈতে জড়িত অভিনেতাসকল জীয়াই আছিল তেওঁলোকৰ নিজ নিজ চৰিত্ৰত ৷ য’ত দৰ্শকে তেওঁলোকক ধাৰাবাহিকখনত অভিনয় কৰা চৰিত্ৰবোৰৰ বাবেহে স্মৰণ কৰিছিল ৷
উল্লেখযোগ্য যে জনপ্ৰিয় ধাৰাবাহিকখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল দীপিকা চিখলিয়া, লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল সুনীল লাহিড়ী, হনুমানৰ চৰিত্ৰত আছিল জনপ্ৰিয় অভিনেতা স্বৰ্গীয় দাৰা সিং আৰু ৰাৱণৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল অৰবিন্দ ত্ৰিবেদীয়ে। লগতে সঞ্জয় যোগ, স্বৰ্গীয় বিজয় অৰোৰা, সমীৰ ৰাজদা, স্বৰ্গীয় মুলৰাজ ৰাজদা আৰু স্বৰ্গীয় ললিতা পাৱাৰ আদিৰ দৰে বহুতো জনপ্ৰিয় তথা স্বনামধন্য অভিনেতা অভিনেত্ৰীয়েও অভিনয় কৰিছিল এই ধাৰাবাহিক খনত যি দৰ্শক সকলৰ বাবে এক অনন্য উপহাৰ স্বৰূপ ।