অহা ১৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ কিছু সময়ৰ পিছতে জ্যেষ্ঠ নেতা মল্লিকার্জুন খৰ্গেই ৰাজ্যসভাত বিৰোধী নেতা পদৰ পৰা পদত্যাগ কৰে। উদয়পুৰ চিন্তন শিৱিৰত ঘোষণা কৰা কংগ্ৰেছৰ “এজন ব্যক্তি, এজন পদ” নিয়মৰ সৈতে সংগতি ৰাখি তেওঁ উচ্চ সদনৰ পদৰ পৰা ত্যাগ কৰিছে ৷ যোৱা নিশা তেওঁ ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰি এই পদ ত্যাগ কৰে ৷
কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে নতুন নেতা নিযুক্তি দি ৰাজ্যসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰদান কৰিব ৷ কংগ্ৰেছে বিগত ২৫ বছৰৰ ভিতৰত প্ৰথমজন গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা সভাপতি নির্বাচন কৰিবলৈ আগবাঢ়িছে ৷ ৮০ বছৰীয়া খৰ্গে গান্ধী পৰিয়ালৰ সমৰ্থনত সভাপতি হিচাপে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত।
‘জি-২৩’ বিৰোধী গোটৰ মূল সদস্য শশী থাৰুৰৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতাত তেওঁ মুখামুখি হ’ব। উল্লেখযোগ্য যে জি-২৩ৰ কেইবাজনো নেতাই আনুষ্ঠানিকভাৱে খৰ্গেক সমৰ্থন কৰিছে। নিৰপেক্ষতা বজাই ৰাখিবলৈ গান্ধী পৰিয়ালে হয়তো আভ্যন্তৰীণ নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।