২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে আজি গঠন কৰে নতুন ৰাষ্ট্ৰীয় দল ৷ ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ ) নামৰ নতুন ৰাষ্ট্ৰীয় দলটো আজি মুকলি কৰা হয় ৷ পূর্বৰ তেলেংগানা ৰাষ্ট্ৰ সমিতি (টি আৰ এছ) এতিয়াৰে পৰা বি আৰ এছ হিচাপে জনা যাব ৷ হায়দৰাবাদ চহৰত আতচবাজী প্ৰদর্শনেৰে দলটো মুকলি কৰা হয় ৷ দলৰ “নাম সলনি” কৰি ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিবলৈ নির্বাচন আয়োগলৈ প্ৰেৰণ কৰা হৈছিল ৷ ৰাষ্ট্ৰীয় দল হিচাপে গণ্য কৰিবলৈ হ’লে নতুন দলটোৰ অন্ততঃ চাৰিখন ৰাজ্যত কিছু উপস্থিতি থাকিব লাগিব ৷ অথবা যিকোনো চাৰিখন ৰাজ্য আৰু লোকসভাৰ চাৰিখন আসনত ছয় শতাংশ ভোট লাভ কৰিব লাগিব৷ অথবা দলটোৱে কমেও তিনিখন ৰাজ্যত লোকসভাৰ দুই শতাংশ আসন দখল কৰিব লাগিব।
মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিছে যে তেওঁ ২০২৪ চনত বিজেপিৰ বিৰুদ্ধে যুঁজ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনোৱাৰ মনস্থ কৰিছে।বিগত এটা বছৰত তেওঁ বিজেপিক তীব্ৰ সমালোচনা কৰি আহিছে ৷
ইতিমধ্যে ৰাওৱে অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে মমতা বেনাৰ্জী (বংগ), নীতিশ কুমাৰ (বিহাৰ), অৰবিন্দ কেজৰিৱাল (দিল্লী),এম কে ষ্টেলিন (তামিলনাডু), পিনাৰায়ী বিজয়ন (কেৰালা) আৰু নবীন পাটনায়ক (ওড়িশা)ক সাক্ষাৎ কৰিছে ।আজি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী দল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷