শাৰিৰীক অসুস্থতাৰ বাবে দীর্ঘদিনৰ বিৰতিৰ অন্তত ৰাজহুৱা অনুষ্ঠানত অংশ ল’লে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ সাংসদ পুত্ৰ ৰাহুল গান্ধীৰ নেতৃত্বত অনুষ্ঠিত হৈ থকা ভাৰত জোৰো যাত্ৰাত ভাগ লয় ছোনিয়া গান্ধীয়ে ৷ আজি কৰ্ণাটকত পুত্ৰ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ত তেওঁ যোগদান কৰে ৷ মাণ্ডিয়াত ৰাহুল গান্ধীৰ সমদলত যোগদান কৰি ছোনিয়া গান্ধীয়ে দলীয় কৰ্মীৰ প্ৰচণ্ড উছাহৰ মাজেৰে পদযাত্ৰা কৰে ৷
পদযাত্ৰাৰ অন্তত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বেলাৰীত অনুষ্ঠিত হ’বলগীয়া এখন সভা তেওঁ সম্বোধন কৰিব ৷ ইয়াৰ পূৰ্বে বেগুৰ গাঁৱৰ এটা মন্দিৰ পৰিদৰ্শন কৰি বুধবাৰে ছোনিয়া গান্ধীয়ে আশীষ লয় ৷
উল্লেখ্য যে যোৱা ৭ ছেপ্টেম্বৰৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীত আৰম্ভ হোৱা কংগ্ৰেছৰ দেশজোৰা পদযাত্ৰা ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰে। সোমবাৰে বিয়লি মহীশূৰত উপস্থিত হয় ছোনিয়া গান্ধী। চলিত বৰ্ষৰ আৰম্ভণিতে ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত এইয়া ছোনিয়া গান্ধীৰ প্ৰথম ৰাজহুৱা সভা ৷ ২০১৬ চনত বাৰাণসীত অনুষ্ঠিত হোৱা ৰোডশ্ব’ত শেষবাৰৰ বাবে তেওঁ অংশ লৈছিল ৷
কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কয় যে ছোনিয়া গান্ধীয়ে এই সমদলত যোগদান কৰাটো দলৰ বাবে গৌৰৱৰ বিষয়। ৰাহুল গান্ধীৰ ভাৰত জোৰো পদযাত্ৰাই ১২খন ৰাজ্যৰ ৩৫৭০ কিলোমিটাৰ সামৰি ল’ব ৷ এই প্ৰচাৰ অভিযানৰ লক্ষ্য হৈছে একাধিক পৰাজয়ৰ পিছত দলীয় কৰ্মীক একত্ৰিত কৰা।