পোষ্টাৰ আৰু টিজাৰ মুকলিৰ পাছতে বিতর্কৰ আৱর্তত সোমাই পৰিছে দাক্ষিণাত্যৰ বহুচর্চিত ছবি আদিপুৰুষ ৷ বিশেষকৈ ছবিখনত ভগৱান ৰাম, হনুমান আৰু ৰাৱণৰ চৰিত্ৰসমূহ ভুলকৈ উপস্থাপন কৰিব বিচৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ ছবিখনৰ গ্ৰাফিক্সক লৈয়ো সমানে সমালোচনাৰ সন্মুখীন হৈছে ৷ এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতে বুধবাৰে বলীউডৰ চিনেমা ‘আদিপুৰুষ’ত ভগৱান ৰাম, হনুমান আৰু ৰাৱণক ভুলকৈ চিত্ৰিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ তাৎক্ষণিকভাৱে ছবিখন নিষিদ্ধ কৰাৰো তেওঁ দাবী জনায়।
দেওবাৰে অযোধ্যাত ১.৪৬ মিনিটৰ ছবিখনৰ টিজাৰ মুকলি কৰাৰ পাছতে বিতর্কত সোমাই পৰিছে ৷ বাৰ্ষিক বিজয় ৰথ যাত্ৰা উপলক্ষে ইয়াত উপস্থিত থকা পুৰোহিত সত্যেন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে ৰাৱণক যি ধৰণেৰে চিত্ৰিত কৰা হৈছে সেয়া একেবাৰে ভুল আৰু নিন্দনীয়।
সুকীয়া ‘শাস্ত্ৰ পূজা’ত অংশগ্ৰহণ কৰিবলৈ অহা বিজেপিৰ সাংসদ ব্ৰীজ ভূষণ সিঙে কয় যে এনে বিতৰ্কৰ ইচ্ছাকৃতভাৱে সৃষ্টি কৰা হৈছে ।তেওঁ কয় -‘চিনেমা নিৰ্মাণ কৰাটো কোনো অপৰাধ নহয়। কিন্তু ইচ্ছাকৃতভাৱে বিতৰ্কৰ সৃষ্টি কৰাটো অনুচিত।’
ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ‘বাহুবলী’ তাৰকা প্ৰভাসে চাইফ আলী খানে দানৱ ৰজা ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে ৷