অনুষ্ঠিত হ’ল বলীউডৰ তাৰকা অভিনেত্ৰী আলিয়া ভট্টৰ সাতমহীয়া মাতৃত্ব উদযাপনৰ পৰম্পৰাগত অনুষ্ঠান ৷ আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ দুয়ো ইতিমধ্যে সাজু হৈছে তেওঁলোকৰ প্ৰথম নৱাগত সন্তানক আদৰিবলৈ । অতি উৎকণ্ঠাৰে দুয়ো এতিয়া বাট চাইছে তেওঁলোকৰ জীৱনৰ সেই গুৰুত্বপূৰ্ণ দিনটোলৈ ৷ অতি সোনকালেই মাতৃ হ’ব লগীয়া আলিয়াই সেয়েহে শেহতীয়াকৈ এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে আল্ট্ৰাচাউণ্ড চাই চিকিৎসালয়ৰ পৰাই তেওঁৰ আৰু ৰণবীৰৰ এখন ফটো শ্বেয়াৰ কৰি সুখৰ খবৰটো শ্বেয়াৰ কৰিছে তেওঁলোকৰ অনুৰাগী সকলৰ লগত ।
ভাৰতীয় পৰম্পৰা অনুসৰি, এগৰাকী মাতৃ গৰ্ভৱতী হ’লে গৰ্ভাৱস্থাৰ সপ্তম মাহত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই পৰম্পৰাগত অনুষ্ঠান সমূহৰ নিয়ম ঠাই বিশেষে অলপ পৃথক হয় যদিও ভাৰতীয় পৰম্পৰাগত এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে গৰ্ভৱতী মাতৃ গৰাকীৰ যোগেদি নৱাগত শিশুটিক পৃথিৱীলৈ স্বাগতম জনোৱাৰ লগতে মাতৃ আৰু সন্তান দুয়োৰে পুষ্টিৰ বাবে গুৰুত্ব আৰোপ কৰা ৷
সেয়েহে অতি সোনকালেই আলিয়া আৰু ৰণবীৰৰ সন্তানক আদৰিবলৈ আলিয়াৰ গৰ্ভাৱস্থাৰ এই সাতমহীয়া পৰম্পৰাগত অনুষ্ঠান আয়োজন কৰিলে তেওঁৰ পৰিয়ালে ৷ নৱাগতক উষ্ম আদৰণি জনাবলৈ আকূল হৈ থকা পৰিয়ালৰ সকলোৰে বাবে যি আছিল অতি আনন্দদায়ক এক অনুষ্ঠান।