বিভিন্ন মূল্যবান আ-অলংকাৰ আপুনি দেখিছে ৷ সোণ- হীৰা অথবা প্লেটিনামৰ দৰে মূল্যৱান ধাতু-ৰত্নৰ মূল্যও আপুনি জানে ৷ কিন্তু এটুকুৰা হীৰাৰ মূল্য ৪৭৭ কোটি টকাৰো অদঘিক হ’ব পাৰে বুলি আপুনি ভাবিব পাৰেনে ! আপোনাৰ মোৰ বাবে এয়া কল্পনাতীত হ’লেও হংকঙত এটুকুৰা হীৰা বিক্ৰী হ’ল ৫৮ নিযুত ডলাৰ ৷ ভাৰতীয় মূল্যত ইয়াৰ পৰিমান হ’ব ৪৭৭ কোটিৰো অধিক ৷ অৱশ্যে হংকঙত নিলাম হোৱা এই হীৰাৰ টুকুৰাটো আছে বিশেষত্ব ৷ নিলাম সম্পন্ন হোৱা হীৰাৰ টুকুৰাটো হৈছে এটা বিৰল গোলাপী হীৰা ৷
শুকুৰবাৰে ১১.১৫ কেৰেটৰ হীৰাৰ টুকুৰাটো ৪৫৩.২ মিলিয়ন হংকং ডলাৰ (৫৭.৭ মিলিয়ন ডলাৰ) মূল্য লাভ কৰে ৷ যিটো যিকোনো মণিৰ বাবে নিলামত লাভ কৰা দ্বিতীয় সৰ্বোচ্চ মূল্য বুলি জানিব পৰা গৈছে ৷
ফ্ল’ৰিডাৰ বোকা ৰেটনৰ এজন অজ্ঞাত ক্ৰেতাই কৰা এই হীৰাৰ টুকুৰাটো আনুমানিক ২ কোটি ১০ লাখ ডলাৰৰ বিক্ৰী মূল্যৰ দুগুণতকৈও অধিক দামত ক্ৰয় কৰে ৷ নিলামত বিক্ৰী হোৱা এইটো হৈছে দ্বিতীয় বৃহত্তম গোলাপী ৰঙৰ হীৰা। গোলাপী ৰঙৰ হীৰা হৈছে বহুমূলীয়া ৰত্নৰ ভিতৰত আটাইতকৈ বিৰল আৰু বিশ্বৰ বজাৰত আটাইতকৈ বেছি চাহিদা থকা হীৰা ।ইয়াৰ পূর্বে ২০১৭ চনত পিংক ষ্টাৰ নামেৰে জনাজাত এটা হীৰাৰ টুকুৰাটো ৭১.২ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল।
শুকুৰবাৰে নিলাম হোৱা হীৰাৰ টুকুৰাটো উইলিয়ামছন পিংক ষ্টাৰ নামেৰে নামকৰণ কৰা হৈছিল ৷ ইয়াৰ পূর্বে আন দুটা গোলাপী হীৰাৰ নাম ৰখা হৈছিল চিটিএফ পিংক ষ্টাৰ আৰু উইলিয়ামছন ষ্টোন ৷ উইলিয়ামছন ষ্টোন নামৰ গোলাপী হীৰাৰ টুকুৰাটো ১৯৪৭ চনত দ্বিতীয় ৰাণী এলিজাবেথক বিয়াৰ উপহাৰ হিচাপে দিয়া হৈছিল ৷ ইয়াৰ ওজন আছিল ২৩.৬ কেৰেট ৷