নতুন প্ৰতিভাক শক্তিশালী মঞ্চ প্ৰদান কৰি অহাৰ বাবে প্ৰখ্যাত ফিল্ম ষ্টুডিঅ’ প্লাটুন ৱান ফিল্মছে আন এখন ৰোমাঞ্চকৰ নতুন ছবি মুক্তিৰ বাবে সাজু হৈছে ৷ সমগ্ৰ ভাৰত আৰু উত্তৰ আমেৰিকাৰ ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া প্ৰযোজনা প্ৰতিষ্ঠানটোৰ প্ৰথম একক প্ৰযোজনা হৈছে ‘আয়ে জিন্দেগী’ নামৰ ছবিখন ।
উল্লেখ্য যে ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। ছবিৰ ট্ৰেইলাৰটোৱেই ছবিখনৰ কাহিনীভাগৰ আৱেগিক উত্থান-পতন বহন কৰিছে ৷এক অবিশ্বাস্য অথচ সঁচা কাহিনীৰ ওপৰত আধাৰিত ‘আয়ে জিন্দেগী’ৰ কাহিনীভাগ এজন ২৬ বছৰীয়া যকৃতৰ চিৰোচিছ ৰোগী বিনয় চাওলাৰ জীৱন যাত্ৰাক অনুসৰণ কৰি আগবাঢ়ে ৷ ৰোগীগৰাকী চিকিৎসাধীন হৈ থকা চিকিৎসালয়ৰ এগৰাকী পৰামৰ্শদাতা ৰেৱতীৰ সৈতে তেওঁৰ অসামান্য সম্পৰ্কই জীৱনৰ ওপৰত তেওঁৰ আশা আৰু বিশ্বাস পুনৰ জাগ্ৰত কৰে আৰু তেওঁক মানৱতাৰ শক্তিলৈ বিশ্বাস ওভতাই আনে।
চলচ্চিত্ৰখন বিভিন্ন কাৰণত যথেষ্ট প্ৰত্যাশিত হৈ পৰিছে ৷ সেইবোৰৰ ভিতৰত অন্যতম হৈছে দাক্ষিণাত্যৰ যশস্বী অভিনেত্ৰী আৰু ৩ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ৰেৱতীৰ মুখ্য চৰিত্ৰত হিন্দী চলচ্চিত্ৰলৈ প্ৰত্যাৱৰ্তন। চলচ্চিত্ৰখনত অনবদ্য অভিনয় কৰিছে সত্যজিৎ ডুবে (মুম্বাই ডায়েৰিজ খ্যাত), মৃন্ময়ী গডবোলে (জনপ্ৰিয় মাৰাঠী চলচ্চিত্ৰ চি ভা চি ছৌ কা), হেমন্ত খেৰ (প্ৰবীণ গুজৰাটী অভিনেতা, SCAM 1992 খ্যাত), শ্ৰীকান্ত বাৰ্মা, ছাৱন টংক, মুস্কান আগৰৱালা আৰু প্ৰাঞ্জল ত্ৰিবেদীয়ে।
চিত্ৰনাট্য আৰু পৰিচালনা ডাঃ অনিৰ্বাণ বসুৰ। পৰিচালকগৰাকী ইতিমধ্যেই তেওঁৰ উপন্যাস ‘বম্বে ৰেইনছ, বম্বে গাৰ্লছ’, ‘মাইচ ইন মেন’ আৰু ‘দ্য ডেথ অফ মিতালী দত্তো’ৰ বাবে যথেষ্ট সমাদৃত। এগৰাকী চিকিৎসক হোৱাৰ লগতে লেখক-পৰিচালক হোৱালৈ এই অনবদ্য যাত্ৰাৰ বিষয়ে অনিৰ্বানে এনেদৰে কয়, “আয়ে জিন্দেগী মই সাধাৰণতে কৰা কামৰ তুলনাত যথেষ্ট পৃথক। মই এজন চিকিৎসক গতিকে মই ৰোগীসকলৰ যত্ন লওঁ আৰু মই চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলক শিকাওঁ। মই অবিশ্বাস্যভাৱে উৎসাহিত আৰু উদ্বিগ্ন হৈ আছো এই চিনেমাখনক লৈ, আৰু মই আশা কৰো যে দৰ্শকে কাহিনীটোৰ মাজৰ সৌন্দৰ্য উপভোগ কৰিব।”
তেওঁ লগতে কয়, “মই জানিছিলো যে এইটো এনে এক কাহিনী, যিটো ৰাইজক কোৱাৰ প্ৰয়োজন আছিল, ই ইমান ধুনীয়া, ইমান নাটকীয় যে ইয়াৰ কাহিনীয়ে আপোনাৰ জীৱনটোক সঁচাকৈয়ে কল্পকাহিনীতকৈ পৃথক বুলি ভাবিবলৈ বাধ্য কৰিব! অভিনেতাসকলে ছবিখনত অনবদ্য অভিনয় কৰিছে, লগতে প্ৰযোজনা দলটোৰ পৰা যথেষ্ট সমৰ্থন পাইছো। আমাক এতিয়া মাত্ৰ এটাই প্ৰয়োজন – দৰ্শকসকলে ছবিগৃহলৈ আহি ছবিখন চাব লাগে আৰু অনুভৱ কৰিব লাগে যে এয়া কি এক আশ্চৰ্যকৰ কাহিনী।”
আয়ে জিন্দেগীত বিনয়ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ এক বৃহৎ শাৰীৰিক পৰিৱৰ্তন আনিছে সত্যজিৎ ডুবেই। বিনয় নামৰ যকৃতৰ চিৰোচিছত ভুগি থকা যুৱ ৰোগীৰ চৰিত্ৰত এনেদৰে অভিনয় কৰাটো নিসন্দেহে অতি জটিল কাম আছিল। এই চৰিত্ৰৰ বাবে বাচনি কৰাত কৃতজ্ঞতা জনাই সত্যজিতে ৷ উল্লেখ্য যে আয়ে জিন্দেগী অহা ১৪ অক্টোবৰত সমগ্ৰ ভাৰত আৰু উত্তৰ আমেৰিকাৰ ছবিগৃহত মুক্তি পাব।