১৯ বছৰ পাছত পুনৰ পাকিস্তানৰ ভূমিত মেচ খেলিবলৈ সাজু হৈছে নিউজিলেণ্ড ক্ৰিকেট টীম ৷ নিউজিলেণ্ডে পাঁচ মাহৰ ভিতৰত দুবাৰকৈ দেশখন ভ্ৰমণ কৰাৰ লগতে দুখন টেষ্ট, ৮খন এদিনীয়া আৰু পাঁচখন টি-২০ খেলত অংশগ্ৰহণ কৰিব ৷ অৰ্থাৎ এই বছৰ বৰদিন আৰু নৱবৰ্ষৰ সময়ত নিউজিলেণ্ডে ঘৰুৱা খেলত অংশগ্ৰহণৰ পৰা বিৰত থাকিব ৷
আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে এই দুখন টেষ্ট কৰাচীত (২৭-৩১ ডিচেম্বৰ) আৰু মুলটানত (৪-৮ জানুৱাৰী) অনুষ্ঠিত হ’ব।অহা ১১, ১৩ আৰু ১৫ জানুৱাৰীত আইচিচি ছুপাৰ লীগৰ অংশস্বৰূপে তিনিখন এদিনীয়া খেলৰ বাবে কৰাচীলৈ পুনৰ উভতি আহিব দলটো ৷
ইয়াৰ পিছত নিউজিলেণ্ডে এপ্ৰিল আৰু মে’ মাহত পাকিস্তানলৈ আহি ছুপাৰ লীগৰ পাঁচখন এদিনীয়া খেল আৰু পাঁচখন টি-২০ খেল খেলিব। প্ৰথম চাৰিখন টি-২০ খেল ১৩, ১৫, ১৬ আৰু ১৯ এপ্ৰিলত কৰাচীত অনুষ্ঠিত হ’ব৷ তাৰ পিছত দল দুটা পঞ্চম টি-২০ৰ বাবে লাহোৰলৈ যাত্ৰা কৰিব ৷ তদুপৰি ২৩, ২৬ আৰু ২৮ এপ্ৰিলত প্ৰথম দুখন এদিনীয়া খেল অনুষ্ঠিত হ’ব ৷ শেষৰ তিনিখন এদিনীয়া ৰাৱালপিণ্ডিত ১, ৪ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব ।
নিউজিলেণ্ডে ফিউচাৰ ট্যুৰছ প্ৰগ্ৰেমৰ অংশ হিচাপে পাকিস্তানলৈ প্ৰথম ভ্ৰমণ কৰিব ৷ আনহাতে ২০২১ চনৰ ছেপ্টেম্বৰত এদিনীয়া মেচৰ শৃংখলা আৰম্ভ হোৱাৰ মাত্ৰ কেইমুহুর্তমানৰ পূৰ্বে নিৰাপত্তাজনিত কাৰণত শৃংখলা প্ৰত্যাহাৰৰ বাবে নিউজিলেণ্ডে দ্বিতীয়বাৰ পাকিস্তান ভ্ৰমণ কৰিব ৷
পাকিস্তান ক্ৰিকেট বর্ডৰ অধ্যক্ষ জাকিৰ খানে এক বিবৃতিত কয়-‘নিউজিলেণ্ড হৈছে উচ্চ প্ৰদৰ্শনকাৰী দলসমূহৰ ভিতৰত অন্যতম ৷ আমি শীৰ্ষ দলৰ বিৰুদ্ধে যিমানেই খেলিম, সিমানেই আমি এটা ভাল টীম পাম ৷ যিটো সকলো ফৰ্মেটতে শীৰ্ষ তিনিটাৰ ভিতৰত স্থান লাভ কৰাৰ আমাৰ লক্ষ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ নিউজিলেণ্ডৰ মেচসমূহে আমাৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলৰ মেচ চাবলৈ সুযোগ প্ৰদান কৰিব ৷ আমাক বিদেশত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ বাধ্য কৰোৱাৰ পাছত যুৱক যুৱতীসকলে এই সুযোগ হেৰূৱাই পেলাইছিল ৷”
নিউজিলেণ্ডে শেষবাৰৰ বাবে ২০০৩ চনৰ নৱেম্বৰ মাহত পাকিস্তান ভ্ৰমণ কৰিছিল ৷ তদুপৰি ২৪ আৰু ১৭ বছৰৰ ব্যৱধানৰ পিছত এই বছৰ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে দেশখন ভ্ৰমণ কৰিছিল ৷