অহা নৱেম্বৰ ১৮ তাৰিখে আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ তথা অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন_গাৰ্গৰ ৫০ সংখ্যক জন্মদিন ৷ শিল্পী গৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ এগৰাকী একান্ত অনুৰাগী তথা ভাতৃসম বুবু অসম নামৰ এজন উদ্যমী যুৱকে লৈছে এক অনন্য পদক্ষেপ ৷ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত ‘বুবু অসম’ নামৰ যুৱকজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ, নেত্ৰ ভড়ালত এক নেত্ৰদান কাৰ্য্যসূচী হাতত লৈছে।
১৮ তাৰিখে পুৱা ১০বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া উক্ত নেত্ৰদান অনুষ্ঠানত যদি নেত্ৰদান কৰিবলৈ কোনো ব্যক্তি ইচ্ছুক হয় ,তেন্তে সুহৃদয় ব্যক্তি সকলক ‘৮৮০৪০৭৯৯৯৯’ এই ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ বিনম্ৰ ভাৱে আহ্বান জনাইছে যুৱকজনে।সামাজিক মাধ্যম ফেচবুক যোগে এই কথা প্ৰকাশ কৰাৰ লগতে অসমৰ বহু কেইখন জিলাৰ পৰা নেত্ৰদান কৰিবলৈ বহু পুৰুষ মহিলাই ইতিমধ্যেই তেওঁক যোগাযোগ কৰাৰ কথাও তেওঁ জানিবলৈ দিছে ।
উক্ত দিনটোত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি এই অনুষ্ঠানটি সফল কৰিবলৈ সমূহ অসমবাসীৰ ৰাইজক অনুৰোধ জনাইছে উদ্যমী যুৱকজনে ৷