পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ নো কেনেকৈ জন্ম হ’ল তাক লৈ বিভিন্ন সময়ত বিজ্ঞানীসকলে গৱেষণা কৰি আহিছে ৷ ইয়াক লৈ বিজ্ঞানী মহলে বিভিন্ন তথ্যও প্ৰকাশ কৰিছে ৷ কিন্তু শেহতীয়া এক তথ্য অনুসৰি চন্দ্ৰ দীঘলীয়া সময়ৰ পৰিৱর্তনৰ মাজেৰে সৃষ্টি হোৱা নাছিল ৷ বৰঞ্চ এঘণ্টাৰ ভিতৰতে এটা বৃহৎ মহাজাগতিক পৰিঘটনাৰ মাজেৰে এঘণ্টাৰ ভিতৰতে সৃষ্টি হৈছিল উপগ্ৰহটোৰ ৷ ইয়াৰ লগে লগে চন্দ্ৰ বিবর্তনক লৈ নতুন অধ্যয়নৰ আন এক পৰিসৰ মুকলি হৈছে ৷
প্ৰকাশ পোৱা অনুসৰি ৪.৫ বিলিয়ন বছৰ পূৰ্বে পৃথিৱী আৰু মংগল গ্ৰহৰ সমান আকাৰৰ থিয়ায়া নামৰ এটা গ্ৰহানুৰ মাজত হোৱা সংঘৰ্ষৰ পিছত চন্দ্ৰ গঠন হোৱা বুলি ধাৰণা কৰা হৈছে। প্ৰায়বোৰ তত্ত্বতে প্ৰকাশ কৰা অনুসৰি এই সংঘর্ষৰ পৰা হোৱা ধ্বংসাৱশেষবোৰ ক্ৰমান্বয়ে জমা হৈ চন্দ্ৰৰ সৃষ্টি হয় ৷
ব্ৰিটেইনৰ ডাৰহাম বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ কম্পিউটেচনেল কচম’লজিৰ বিজ্ঞানীসকলে এতিয়ালৈকে কৰা আটাইতকৈ বিশদ ছুপাৰকম্পিউটাৰ চিমুলেচন ব্যৱহাৰ কৰি চন্দ্ৰৰ উৎপত্তিৰ বিকল্প ব্যাখ্যা উন্মোচন কৰে ৷
গৱেষণা দলটোত নাছাৰ এমেছ ৰিচাৰ্চ চেণ্টাৰ আৰু ব্ৰিটেইনৰ গ্লাছগো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকল অন্তভুর্ক্ত আছিল ৷ তেওঁলোকৰ বিশ্লেষণৰ তথ্যসমূহ এষ্ট্ৰ’ফিজিকেল জাৰ্নেল লেটাৰছত প্ৰকাশ পাইছে।