অসমৰ এগৰাকী সাংস্কৃতিক কৰ্মী তথা গুৱাহাটীৰ এখন প্ৰতিস্থিত আৰু প্ৰখ্যাত “মাজুলীৰ এসাঁজ” নামৰ থলুৱা অসমীয়া খাদ্যৰ ৰেষ্টুৰাঁখনৰ প্ৰতিস্থাপক তথা স্বত্বাধিকাৰী ৰাজীৱ বৰাৰ মৃত্যুত শোকস্তব্ধ অসমবাসী ৷আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ,সকলোৰে প্ৰিয়ভাজন ৰাজীৱ বৰা এজন সক্ৰিয় সাংস্কৃতিক কৰ্মীও ৷
সত্ৰীয়া নৃত্য, খোল বাদ্য তথা বৰগীতকে ধৰি মহাপুৰুষ গুৰুদুজনাৰ সৃষ্ট সংস্কৃতিৰ বিশদ জ্ঞানেৰে পৰিপূৰ্ণ ৰাজীৱ বৰাই আজি পুৱা কলিকতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘ সময় ধৰি বৃক্ক ৰোগৰ জৰিয়তে জীৱন-মৰণৰ সতে যুঁজি থকা ব্যক্তি গৰাকীয়ে মৃত্যুৰ সময়ত তেওঁৰ পত্নী নিৱেদিতা শৰ্মা আৰু পুত্ৰ জোনাকীমনক এৰি থৈ যায় ৷
তেখেতৰ মৃত্যুত সামাজিক মাধ্যম যোগে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে অসমৰ বহুকেইজন জ্যেষ্ঠশিল্পীৰ লগতে তেওঁৰ বন্ধুবৰ্গ আৰু অনুৰাগী সকলে ৷
ৰাজীৱ বৰাৰ নশ্বৰ দেহ এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটীলৈ অনাৰ যো জা চলি আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ।