ভাৰতৰ জনপ্ৰিয় তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে শেহতীয়াকৈ মুকলি কৰিলে ভাৰতবৰ্ষত তৈয়াৰী দ্ৰোণী ব্ৰেণ্ডেড কেমেৰা ড্ৰোনৰ ।বিশেষকৈ চহৰ অঞ্চলত আধাৰিত ড্ৰোন ষ্টাৰ্টআপ ‘গৰুড় এৰোস্পেচ’ৰ দ্বাৰা নিৰ্মিত এই দ্ৰোণী ড্ৰোন হৈছে এক কোৱাডকপ্টাৰ উপভোক্তা কেমেৰা ড্ৰোন। অত্যাধুনিক প্ৰযুক্তিৰে তৈয়াৰী এই কেমেৰা ড্ৰোনবোৰ বিভিন্ন নিৰীক্ষণৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰি আৰু ২০২২ চনৰ শেষৰ ফালে এই ড্ৰোন বজাৰত উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে কোম্পানীটোৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অগনিশ্বৰ জয়প্ৰকাশে।
উল্লেখযোগ্য যে গৰুড় এৰোস্পেচে দেওবাৰে বেটাৰী চালিত এটা নতুন কিষাণ ড্ৰোনও মুকলি কৰে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে কৃষিকাৰ্য্যত দৈনিক ৩০ একৰ ভূমিত কীটনাশক ছটিয়াই দিয়াৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হয়।