পিঠিত আঘাত পোৱাৰ বাবে আগন্তুক টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিব নোৱাৰিব দীপক চাহাৰ। ষ্টেণ্ড বাই খেলুৱৈৰ ভিতৰত থকা চাহাৰে যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত মূল দলত স্থান লাভ কৰিব বুলি আশা কৰা হৈছিল ৷ কিন্তু তেওঁৰ পিঠিৰ আঘাত ভাল হ’বলৈ সময়ৰ প্ৰয়োজন হ’ব ৷ অহা ২৩ অক্টোবৰত ভাৰতীয় দলটো চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচত মুখামুখি হ’ব ৷ এই মেচৰ পূৰ্বে অষ্ট্ৰেলিয়াত ভাৰতীয় দলত যোগদান কৰিব পেচাৰ মহম্মদ ছামী, মহম্মদ ছিৰাজ আৰু শ্বাৰদুল ঠাকুৰে।
বিচিচিআইৰ এজন বিষয়াই সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি দীপকে চাহাৰ সম্পূর্ণ সুস্থ হ’বলৈ কিছু সময় লাগিব। তেওঁৰ পিঠিৰ সমস্যা পুনৰ বাঢ়িছে ৷ তেওঁৰ গোৰোহা ঠিকেই আছে আৰু তাত কোনো সমস্যা হোৱা নাই । চাহাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পিঠিৰ সমস্যাত ভোগাত এদিনীয়া শৃংখলা এৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছতে তেওঁ নেচনেল ক্ৰিকেট একাডেমিত এই কথা অৱগত কৰে ৷
ছামীয়ে অভিজ্ঞতাৰ ফালৰ পৰা প্ৰথম শাৰীত আছে যদিও শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সমাপ্ত হোৱা এদিনীয়া শৃংখলাত ছিৰাজে উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল ৷ ৰাঁচী এদিনীয়াত ৩টা উইকেটসহ ৫টা উইকেট দখল কৰিছিল ছিৰাজে ৷শ্বাৰদুলক সম্ভৱতঃ ষ্টেণ্ড বাই তালিকাত ৰখা হ’ব ৷
ৰবি বিষ্ণয় আৰু শ্ৰেয়াছ আয়াৰে দলত যোগদান কৰাৰ সম্ভাৱনা নাই আৰু দলটোৱে বেটছমেনৰ শক্তিশালীকৰণৰ বাবে প্ৰয়োজন অনুভৱ কৰিলেহে দলত যোগদান কৰিব। যুজবেন্দ্ৰ চাহালৰ কোনো ধৰণৰ আঘাত হ’লে অষ্ট্ৰেলিয়ালৈ যাত্ৰা কৰিব বিষ্ণয়ে।