বহু নৱ-নিৰ্মিত ছবিৰ যোগেদি বৰ্তমান সময়ত অসমৰ চলচ্চিত্ৰ জগতখনে এক নতুন ৰূপ পাইছে বুলি আমি ক’ব পাৰোঁ ৷ বিগত সময়ছোৱাৰ তুলনাত অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ নাইবা প্ৰসাৰে নিশ্চয়কৈ চলচ্চিত্ৰ জগতখনৰ সৈতে প্ৰতক্ষ বা পৰোক্ষ ভাৱে জৰিত হৈ থকা কলা-কুশলী সকলকো যথেষ্ট সকাহ দিছে ৷ আনহাতে ছবি জগতত সংযোজন ঘটা বিভিন্ন ছবি উপভোগ কৰি সময়ে সময়ে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চলচ্চিত্ৰ প্ৰেমী সকলে ৷
শেহতীয়াকৈ নৱ-নিৰ্মিত এখন অসমীয়া ছবিৰ প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহু দৰ্শকে ৷ নতুন অসমীয়া ছবি ‘মোৰ শেষ গান’ ৷ বুধবাৰে ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰাৰ পাছত বিভিন্ন ধৰণৰ ইতিবাচক মন্তব্যৰে ১৪ অক্টোবৰত ছবিঘৰত মুক্তি পাবলগীয়া ছবিখন চাবলৈ অসমৰ ৰাইজক অনুৰোধ জনাইছে চলচ্চিত্ৰ প্ৰেমী সকলে ৷
বহুজনৰ মতে সঁচা অৰ্থতএখন ভাল ছবি ‘মোৰ শেষ গান’।আৰম্ভণিতেই নেপথ্যত বাজি উঠা ‘অ সখী আজি যৌৱন…’ শীৰ্ষক গীতটিয়ে মুগ্ধ কৰিছে দৰ্শকক ৷ এসময়ত অসংখ্য জনপ্ৰিয় অসমীয়া গীত ৰচনা কৰা বিজয় দুৱৰাৰ প্ৰযোজনা আৰু প্ৰবাল বৰুৱাৰ পৰিচালনাৰে অনুৰাধা ছবিঘৰত কালি অৰ্থাৎ বুধবাৰে অনুষ্ঠিত হ’ল ছবিখনৰ প্ৰীমিয়াৰ শ্ব’ ৷
অসমৰ আগশাৰীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিতিত অনুষ্ঠিত হোৱা এই প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰাৰ পিছত দৰ্শক সকলে কয় যে এখন ছবি চাই থাকোতে চকুযুৰিয়ে যি সন্তুষ্টি পাব লাগে সেই সন্তুষ্টি প্ৰদানত পিচল খোৱা নাই পৰিচালক প্ৰবাল বৰুৱা । আনহাতে দৰ্শকৰ হৃদয় চুই যাব পাৰিছে ছবিখনে । সকলো শিল্পীৰ সাৱলীল অভিনয়, উচ্চ মানৰ সংগীত, চিত্ৰগ্ৰহণ তথা পৰিচালকৰ কিছুমান সুক্ষ্ম চিন্তাধাৰাই অলংকৃত কৰি তুলিছে ছবিখনক । জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ শীৰ্ষ গীতটো যেন ছবিখনৰ বাবে এক বিশেষ অলংকাৰ ৷
আনফালে প্ৰতিভাশালী অভিনেত্ৰী সৃজনী ভাস্ব মহন্তই অভিনয় কৰা প্ৰথমখন ছবি ‘মোৰ শেষ গান’ । নন্দিতাৰ চৰিত্ৰত সৃজনীৰ অভিনয়, সুন্দৰ প্ৰকাশ ভংগী তথা কৃত্ৰিমতাবিহীন সংলাপ প্ৰক্ষেপণে চৰিত্ৰটোক মনোগ্ৰাহী কৰি তুলিছে । সুন্দৰ ৰূপত বলিষ্ঠভাবে অভিনয় কৰি কাহিনীটোক সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী ৷ অভিনেতা কমললোচনৰ অভিনয়ৰ কথা বেলেগকৈ কোৱাৰ হয়তো প্ৰয়োজনেই নাই । লগতে কেইবাগৰাকীও জ্যেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ অভিনয় প্ৰতিভাই ছবি খনক প্ৰদান কৰিছে এক অনন্য মাত্ৰা ৷ কাইলৈৰ পৰা অসমৰ ছবিঘৰত প্ৰৱেশ কৰিব ‘মোৰ শেষ গান’ নামৰ এই সুন্দৰ ছবিখনে ৷
।