আফগানিস্তানত তালিবানে শাসনভাৰ গ্ৰহণৰ পাছতে সঘটিত হৈছে মানৱ অধিকাৰ ভংগৰ এটাৰ পাছত আন এটা ঘটনা ৷ বিশেষকৈ মহিলাসকলৰ জীৱন নির্বাহ দুর্বিষহ হৈ পৰিছে ৷ শেহতীয়াকৈ ঘৰৰ পৰা পলাই এজন বিবাহিত পুৰুষৰ লগত বিয়া হোৱাৰ বাবেই শাস্তি ভোগ কৰাৰ ভয়ত আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হ’ল এগৰাকী মহিলাই ৷ বিশেষকৈ ৰাজহুৱাভাৱে শিল দলিয়াই তেওঁক হত্যা কৰাৰ পূর্বে মহিলা গৰাকীয়ে চৰম পথ বাচি লয় বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ আফগানিস্তানৰ ঘোৰ প্ৰদেশৰ মহিলা গৰাকীয়ে তালিবান বাহিনীয়ে হত্যা কৰাৰ পূৰ্বেই এই কার্য সংঘটিত কৰে ৷
খামা প্ৰেছত প্ৰকাশ পোৱা অনুসৰি শুকুৰবাৰে এজন বিবাহিত পুৰুষৰ সৈতে ঘৰৰ পৰা পলায়ন কৰা মহিলাগৰাকীক শিলগুটিৰে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল তালিবানে ৷ কিন্তু তাৰ পূৰ্বে ৰাজহুৱা অপমানৰ পৰা হাত সাৰিবলৈ তেওঁ নিজৰ প্ৰাণ কাঢ়ি লয় ৷ মহিলাগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰা লোকজনক ১৩ অক্টোবৰত ফাঁচী দিয়া হয় বুলি বিষয়াসকলে জনায়।
খামা প্ৰেছৰ বাতৰি অনুসৰি ঘোৰৰ বাবে তালিবানৰ প্ৰাদেশিক আৰক্ষী অধীক্ষকৰ ভাৰপ্ৰাপ্ত মুখপাত্ৰ আব্দুল ৰহমানে কয় যে মহিলা কাৰাগাৰৰ অভাৱৰ বাবে মহিলাগৰাকীক ৰাজহুৱাভাৱে শিলগুটি দলিয়াই হত্যাৰ শাস্তি প্ৰদান কৰা হৈছে।
শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰদেশত মহিলা ঘৰৰ পৰা পলাই যোৱাৰ খবৰ বৃদ্ধি পোৱাৰ বিপৰীতে তালিবান চৰকাৰে তেওঁলোকক শিলগুটিৰে হত্যা কৰা বা ৰাজহুৱাভাৱে প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে ৷
তালিবানে মহিলাৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে। খামা প্ৰেছৰ মতে, ষষ্ঠ শ্ৰেণীৰ ওপৰৰ মহিলা ছাত্ৰী সকলক বিদ্যালয়লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷
যোৱা বছৰৰ আগষ্ট মাহত কাবুল দখল কৰা তালিবান শাসকসকলে মহিলাৰ অধিকাৰ আৰু স্বাধীনতা হ্ৰাস কৰিছে ৷ ফলত আফগানিস্তানত মহিলা সকল, শিক্ষা, কৰ্ম, ৰাজহুৱা কার্যসূচীত অংশগ্ৰহণ, স্বাস্থ্যৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ মানৱ অধিকাৰ সংকটৰ সন্মুখীন হৈছে।
সংবাদ মাধ্যমত কাম কৰা প্ৰায় ৮০ শতাংশ মহিলাই চাকৰি হেৰুৱাইছে আৰু দেশৰ প্ৰায় ১ কোটি ৮০ লাখ মহিলাই স্বাস্থ্য, শিক্ষা, সামাজিক অধিকাৰৰ বাবে সংগ্ৰাম কৰি আছে। ইছলামিক ৰাষ্ট্ৰ পুনৰ প্ৰতিষ্ঠা হোৱাৰ পিছত বহু মহিলা, বিশেষকৈ নিৰাপত্তা সংস্থাত কাম কৰাসকলে চাকৰি হেৰুৱাইছিল।