সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে পালন কৰি অহা শ্বহীদ দিৱসৰ দিনটো এইবাৰ চৰাইদেউ জিলাৰ সোণাৰিত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ প্ৰতিবছৰৰ দৰে এইবছৰো অহা ১০ ডিচেম্বৰৰ দিনটোত, অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিনটোতে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হ’ব এই শ্বহীদ দিৱস ৷
সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটিৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে সেয়েহে দেওবাৰে সোণাৰিৰ শ্বহীদ উদ্যানত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অনুপজ্যোতি ভূঞাই। সভাখনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্তৰ লগতে সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰ, অসম উন্নতি সভাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি বিপিন শৰ্মা, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমল চন্দ্ৰ গগৈ, সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড০বিপুল দে, আপকুৰ উপদেষ্টা শোভিত কুমাৰ চেত্ৰী, সাংবাদিক পেঞ্চনাৰ বাছা বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক লংকেশ্বৰ গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগন্ত চাংমাই, বিশিষ্ট অধিবক্তা জাকিৰ হুছেইন, সমাজকৰ্মী হেমন্ত কুমাৰ গদুকা আৰু সোণাৰিৰ সক্ৰিয় সংবাদকৰ্মী অভিজিত ভূঞাৰ ওপৰিও চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ সমাজ সচেতন বহুকেইগৰাকী লোক।
দেওবাৰে অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাখনতেই প্ৰাক্তন শিক্ষক তথা প্ৰাক্তন ছাত্ৰনেতা শ্ৰী বিপিন শৰ্মাক সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্তক কাৰ্যকৰী সভাপতি আৰু সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অনুপ জ্যোতি ভূঞাক মুখ্য সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।