ভাৰততে নির্মাণ কৰা হ’ব এ কে ৪৭ ৰাইফল ৷ সোমবাৰে ৰাছিয়াৰ এজন উচ্চপদস্থ বিষয়াই সদৰী কৰিছে এই তথ্য ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ এটা উৎপাদন কেন্দ্ৰত ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত এ কে-২০৩ এছল্ট ৰাইফলৰ উৎপাদন চলিত বর্ষৰ শেষৰ ফালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
উত্তৰ প্ৰদেশৰ আমেথি জিলাৰ কোৰৱা অৰ্ডনেন্স ফেক্টৰীত কালাছনিকভ এছল্ট ৰাইফল উৎপাদনৰ বাবে ২০১৯ চনত স্থাপন কৰা হৈছিল ইণ্ডো-ৰাছিয়া ৰাইফলছ প্ৰাইভেট লিমিটেড।
ৰ’ছ’ব’ৰ’নেক্সপ’ৰ্টৰ সঞ্চালক প্ৰধান আলেকজেণ্ডাৰ মিখেভে কয় যে চলিত বর্ষৰ শেষৰ ফালে ক’ৰৱা অৰ্ডনেন্স ফেক্টৰীয়ে কালাছনিকভ এ কে-২০৩ এছল্ট ৰাইফল নিৰ্মাণ আৰম্ভ কৰিবলৈ সাজু হৈছে। ৰ’ছ’ব’ৰ’নেক্সপ’ৰ্ট হৈছে ৰাছিয়াৰ চৰকাৰী প্ৰতিৰক্ষা সংস্থা যিয়ে বিদেশী দেশকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সামৰিক প্ৰকল্পৰ তদাৰক কৰে।
মিখিভে কয় যে ভাৰতত ৰাছিয়ান এছল্ট ৰাইফলৰ নির্মাণ ১০০ শতাংশ স্থানীয়কৰণ কৰা হৈছে। ইয়াৰ উপৰিও ভৱিষ্যতে এই দুয়োখন দেশে উৎপাদন বৃদ্ধি কৰিব আৰু কালাছনিকভ এছ’ল্ট ৰাইফল প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি উন্নত ৰাইফল নিৰ্মাণৰ বাবে উৎপাদন সুবিধাসমূহ আধুনিকীকৰণ কৰিবলৈ পৰিলকল্পনা গ্ৰহণ কৰিছে ৷