VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি কাতি বিহু

ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ অন্যতম ৰাজ্য অসমৰ চহা কৃষকৰ এক অন্যতম উৎসৱ কাতি বিহু

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 18, 2022
in সংস্কৃতি
আজি কাতি বিহু
0
SHARES
78
VIEWS
Share on FacebookShare on Twitter

আজি কাতি বিহু ৷ কাতি বিহু হৈছে ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ অন্যতম ৰাজ্য অসমৰ চহা কৃষক সকলৰ এক অন্যতম উৎসৱ ৷ এই বিহুক কঙালী বিহু বুলিও কোৱা হয় ৷

অসমত জাতীয়  উৎসৱ তিনিটা  ৷   সেইকেইটা হৈছে ক্ৰমে ৰঙালী বা ব’হাগ বিহু ,ভোগালী বা মাঘ বিহু আৰু  কঙালী  বা কাতি বিহু ৷ এই তিনিওটা বিহুৱেই অসমীয়া সমাজ জীৱনৰ সৈতে , কৃষিৰ সৈতে সম্পৰ্কিত। তিনিওটা  বিহুৱেই  প্ৰকৃতাৰ্থত  শস্য সিঁচাৰ পৰা  চপোৱালৈকে এই সময়চোৱাকেই চিহ্নিত কৰে।  কাতি বিহুৱে কৃষিৰ আৰম্ভণিৰ পৰা শস্য পুৰঠ হ’বলৈ ধৰা এই সময়খিনিক প্ৰতিফলিত কৰে ৷

কাতি বিহুক কঙালী (“দৰিদ্ৰ”) বুলিও কোৱা হয় কিয়নো এই সময়ছোৱাত সাধাৰণতে অসমীয়া খেতিয়ক ৰাইজৰ  ভড়াল বা শস্যভাণ্ডাৰবোৰ সাধাৰণতে খালী হ’বলৈ ধৰে  আৰু বছৰটোৰ এই সময়ছোৱাত খাদ্যৰ কিছু নাটনিও ঘটে ।অৰ্থাৎ  কাতি বিহু আন দুটা বিহুৰ দৰে  এক আনন্দৰ উৎসৱ নহয় ৷ এই বিহুৰ প্ৰকৃতি যেন ৰঙালি বা ভোগালী বিহুৰ তুলনাত কিছু শান্ত বা  বিষন্ন।

কথিত আছে যে পথাৰৰ শস্য পকিবলৈ ধৰাৰ আগে আগে শইচৰ পৰা কীট-পতংগ দূৰ কৰিবলৈ অসমীয়া কৃষকসকলে পালন কৰে এই অনন্য পৰম্পৰা ৷ তুলসী পুলি ৰোপন কৰি সম্পূৰ্ণ কাতি মাহটো তুলসীৰ তলত জ্বলোৱা চাকিগছিয়ে কীট-পতংগৰ পৰা পৰিত্ৰাণ  দিয়াৰ লগতে বিজ্ঞানসন্মত ভাৱে চাবলৈ গ’লে বিশুদ্ধ কৰে চৌপাশৰ বায়ু  ৷

এই বিহুত ঘৰৰ বিভিন্ন ঠাইত চাকি  জ্বলোৱা হয়। মূল চাকিগছ পৱিত্ৰ তুলসীৰ ওচৰৰ চোতালত জ্বলোৱা হয়।তাৰ ওপৰিও ভড়াল,পথাৰ,পাকঘৰ,শুৱনি কোঠা ,পদূলি ,ঘৰৰ মুখ্য দুৱাৰ আদিত চাকি জ্বলোৱা হয় ৷ মুখ্যতঃ যেন আঘোণত সোণবৰণীয়া  লখিমীক আদৰাৰ ই এক পূৰ্ব প্ৰস্তুতিহে ৷

কাতি  বিহুৰ দিনা  প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে  নতুনকৈ তুলসী ৰোৱা হয় বা  আগৰ তুলসী ভেটিটোকে   পৰিষ্কাৰ কৰি মাটিৰে লেপি সুন্দৰকৈ সজাই তোলা  হয় লগতে  পৰিয়ালৰ কল্যাণৰ বাবে আৰু  শস্য ভালকে চপাবৰ বাবে প্ৰাৰ্থনা জনাই দেৱী তুলসীক নৈবেদ্য আগবঢ়াই  প্ৰাৰ্থনা কৰা হয়। তুলসীৰ তলত চাকি জ্বলোৱাৰ এই  প্ৰক্ৰিয়া গোটেই কাতি  মাহজুৰি পালন কৰে অসমীয়া ৰাইজে ।অৱশ্যে এগৰাকী সতীৰ পৰা এজোপা পৱিত্ৰ গছলৈ ৰূপান্তৰিত হোৱা এই তুলসীৰো আছে এটা সুন্দৰ কাহিনী ৷

আনহাতে এই দিনটোত অসমৰ ৰাইজে  পথাৰত বা ঘৰৰ চোতালত  এক বিশেষ ধৰণৰ চাকি জ্বলাই  যাক ‘আকাশবন্তি’ বুলি কোৱা হয়। এই সৰিয়হ তেলৰ  ডাঙৰ চাকিগছ  বাঁহৰ খুটা এটা বান্ধি  ওখকৈ ৰখা হয়। যাক বহুত দূৰৰ পৰাও দেখা পোৱা যায় ৷ আমোদজনক কথা যে আগতে আকাশবন্তী কোনে কিমান ওখকৈ দিব পাৰে তাক লৈ গাঁৱৰ ৰাইজৰ মাজত একধৰণৰ প্ৰতিযোগিতাও চলিছিল ৷ এই চাকি জ্বলোৱাৰ ক্ষেত্ৰত  বিশ্বাস কৰা হয় যে এই চাকিবোৰে পোক-পতংগবোৰক জুইৰ ফালে  টানি শস্যক পোক-পতংগৰ পৰা আতৰাই ৰখাত সহায় কৰে।

Previous Post

ৰাছিয়াৰ সহযোগত ভাৰততে নির্মাণ হ’ব এ কে ৪৭, ক’ত হ’ব কাৰখানা !!

Next Post

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে প্ৰব্ৰজিত শ্ৰমিকঃগ্ৰেনেড আক্ৰমণত নিহত উত্তৰপ্ৰদেশৰ ২জন শ্ৰমিক

Related Posts

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
Next Post
জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে প্ৰব্ৰজিত শ্ৰমিকঃগ্ৰেনেড আক্ৰমণত নিহত উত্তৰপ্ৰদেশৰ ২জন শ্ৰমিক

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে প্ৰব্ৰজিত শ্ৰমিকঃগ্ৰেনেড আক্ৰমণত নিহত উত্তৰপ্ৰদেশৰ ২জন শ্ৰমিক

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7