আজি কাতি বিহু ৷ কাতি বিহু হৈছে ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ অন্যতম ৰাজ্য অসমৰ চহা কৃষক সকলৰ এক অন্যতম উৎসৱ ৷ এই বিহুক কঙালী বিহু বুলিও কোৱা হয় ৷
অসমত জাতীয় উৎসৱ তিনিটা ৷ সেইকেইটা হৈছে ক্ৰমে ৰঙালী বা ব’হাগ বিহু ,ভোগালী বা মাঘ বিহু আৰু কঙালী বা কাতি বিহু ৷ এই তিনিওটা বিহুৱেই অসমীয়া সমাজ জীৱনৰ সৈতে , কৃষিৰ সৈতে সম্পৰ্কিত। তিনিওটা বিহুৱেই প্ৰকৃতাৰ্থত শস্য সিঁচাৰ পৰা চপোৱালৈকে এই সময়চোৱাকেই চিহ্নিত কৰে। কাতি বিহুৱে কৃষিৰ আৰম্ভণিৰ পৰা শস্য পুৰঠ হ’বলৈ ধৰা এই সময়খিনিক প্ৰতিফলিত কৰে ৷
কাতি বিহুক কঙালী (“দৰিদ্ৰ”) বুলিও কোৱা হয় কিয়নো এই সময়ছোৱাত সাধাৰণতে অসমীয়া খেতিয়ক ৰাইজৰ ভড়াল বা শস্যভাণ্ডাৰবোৰ সাধাৰণতে খালী হ’বলৈ ধৰে আৰু বছৰটোৰ এই সময়ছোৱাত খাদ্যৰ কিছু নাটনিও ঘটে ।অৰ্থাৎ কাতি বিহু আন দুটা বিহুৰ দৰে এক আনন্দৰ উৎসৱ নহয় ৷ এই বিহুৰ প্ৰকৃতি যেন ৰঙালি বা ভোগালী বিহুৰ তুলনাত কিছু শান্ত বা বিষন্ন।
কথিত আছে যে পথাৰৰ শস্য পকিবলৈ ধৰাৰ আগে আগে শইচৰ পৰা কীট-পতংগ দূৰ কৰিবলৈ অসমীয়া কৃষকসকলে পালন কৰে এই অনন্য পৰম্পৰা ৷ তুলসী পুলি ৰোপন কৰি সম্পূৰ্ণ কাতি মাহটো তুলসীৰ তলত জ্বলোৱা চাকিগছিয়ে কীট-পতংগৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে বিজ্ঞানসন্মত ভাৱে চাবলৈ গ’লে বিশুদ্ধ কৰে চৌপাশৰ বায়ু ৷
এই বিহুত ঘৰৰ বিভিন্ন ঠাইত চাকি জ্বলোৱা হয়। মূল চাকিগছ পৱিত্ৰ তুলসীৰ ওচৰৰ চোতালত জ্বলোৱা হয়।তাৰ ওপৰিও ভড়াল,পথাৰ,পাকঘৰ,শুৱনি কোঠা ,পদূলি ,ঘৰৰ মুখ্য দুৱাৰ আদিত চাকি জ্বলোৱা হয় ৷ মুখ্যতঃ যেন আঘোণত সোণবৰণীয়া লখিমীক আদৰাৰ ই এক পূৰ্ব প্ৰস্তুতিহে ৷
কাতি বিহুৰ দিনা প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে নতুনকৈ তুলসী ৰোৱা হয় বা আগৰ তুলসী ভেটিটোকে পৰিষ্কাৰ কৰি মাটিৰে লেপি সুন্দৰকৈ সজাই তোলা হয় লগতে পৰিয়ালৰ কল্যাণৰ বাবে আৰু শস্য ভালকে চপাবৰ বাবে প্ৰাৰ্থনা জনাই দেৱী তুলসীক নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা কৰা হয়। তুলসীৰ তলত চাকি জ্বলোৱাৰ এই প্ৰক্ৰিয়া গোটেই কাতি মাহজুৰি পালন কৰে অসমীয়া ৰাইজে ।অৱশ্যে এগৰাকী সতীৰ পৰা এজোপা পৱিত্ৰ গছলৈ ৰূপান্তৰিত হোৱা এই তুলসীৰো আছে এটা সুন্দৰ কাহিনী ৷
আনহাতে এই দিনটোত অসমৰ ৰাইজে পথাৰত বা ঘৰৰ চোতালত এক বিশেষ ধৰণৰ চাকি জ্বলাই যাক ‘আকাশবন্তি’ বুলি কোৱা হয়। এই সৰিয়হ তেলৰ ডাঙৰ চাকিগছ বাঁহৰ খুটা এটা বান্ধি ওখকৈ ৰখা হয়। যাক বহুত দূৰৰ পৰাও দেখা পোৱা যায় ৷ আমোদজনক কথা যে আগতে আকাশবন্তী কোনে কিমান ওখকৈ দিব পাৰে তাক লৈ গাঁৱৰ ৰাইজৰ মাজত একধৰণৰ প্ৰতিযোগিতাও চলিছিল ৷ এই চাকি জ্বলোৱাৰ ক্ষেত্ৰত বিশ্বাস কৰা হয় যে এই চাকিবোৰে পোক-পতংগবোৰক জুইৰ ফালে টানি শস্যক পোক-পতংগৰ পৰা আতৰাই ৰখাত সহায় কৰে।