অহা বর্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান কাপত অংশগ্ৰহণ নকৰে ভাৰতীয় ক্ৰিকেট দলে ৷ আজি এই কথা সদৰী কৰিছে বিচিচিআইৰ সচিব জয় শ্বাহে ৷ মুম্বাইত অনুষ্ঠিত বিচিচিআইৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী শ্বাহে কয় যে ভাৰতীয় ক্ৰিকেট দলটোৱে এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে। ২০২৩ চনৰ এছিয়া কাপ আয়োজন কৰিছে পাকিস্তানে ৷ বিচিচিআইয়ে টিম ইণ্ডিয়াক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল ৷ শ্বাহে লগতে কয় যে ২০২৩ চনৰ এছিয়া কাপ পাকিস্তান নহয় নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব পাৰে।
২০০৫-০৬ চনত ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে দ্বিপাক্ষিক শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। ২০১২-১৩ চনত পাকিস্তানে তিনিখন টি ২০ আৰু এদিনীয়া খেলৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ পিছত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা এতিয়ালৈ খেলা নাই। চিৰবৈৰী দল দুটা বিশ্ব পর্যায়ৰ খেলা বা এছিয়া কাপতহে মুখামুখি হৈছে।
দুয়োটা দলৰ মাজত হোৱা খেলসমূহ সদায় বহু প্ৰত্যাশিত ৷ যোৱা ২৩ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া দুটা দলৰ টি-২০ বিশ্বকাপ ২০২২ৰ টিকট মুকলি কি দিয়াৰ কিছু ঘণ্টাৰ ভিতৰতে সম্পূর্ণ বিক্ৰী হৈ যায়।