জাপানৰ এজন পৰ্বত আৰোহীয়ে এটা পৰ্বতৰ তললৈ যাত্ৰা কৰি থকা অৱস্থাত ভালুকৰ সৈতে মুখামুখি হোৱাৰ এটি আশ্চৰ্য্যকৰ ভিডিঅ’সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে ৷ পৰ্বতৰ ওপৰৰ পৰা তললৈ নামি অহাৰ সময়তে ভালুকটোৰ সৈতে মুখামুখি হোৱাৰ ফলত আঘাতপ্ৰাপ্ত হৈ তেজ ওলাই আহিছিল পৰ্বতাৰোহীজনৰ । মাউণ্ট ফুটাগোত সংঘটিত হোৱা উক্ত ঘটনাটো হাইকাৰজনৰ হেলমেটৰ সৈতে সংলগ্ন হৈ থকা কেমেৰাটোত বন্দী হৈছিল আৰু পিছত তেওঁ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছিল।
ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দেখা গৈছে যে এটা ক’লা ভালুকে পৰ্বতাৰোহীজনক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে ৷ আনহাতে পৰ্বতাৰোহীজনে চিঞৰি চিঞৰি ভালুকটোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে ৷ সমগ্ৰ সংঘৰ্ষৰ সময়ছোৱাত, পৰ্বতাৰোহীজনে তেওঁৰ উচ্চ-ভূমিৰ স্থিতি বজাই ৰাখে। তেওঁক ভালুকটোক মুঠি মাৰি মাৰি থকা দেখা যায় যাৰ পিছত ভালুকটো পিছুৱাই যায়। এক মুহূৰ্ততে, ভালুকটোৱে পুনৰ তেওঁক আক্ৰমণ কৰে কিন্তু এইবাৰ পৰ্বতাৰোহীজনে ভালুকটোৰ মূৰত ভৰিৰে প্ৰচণ্ড এটা গোৰ মৰাৰ পিছত ভালিকটোৱে তেওঁক এৰি দিবলৈ বাধ্য হয় ।
অৱশ্যে ভাইৰেল ভিডিঅ’টো সন্দৰ্ভত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ।ভিডিঅ’টো চোৱাৰ পিছত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে পৰ্বতাৰোহী জনৰ এই যাত্ৰা অতি ভয়ানক আৰু বিপদজনক বুলি অভিহিত কৰিছে।আন এজন ব্যৱহাৰকাৰীয়ে পৰ্বতাৰোহীজনকেই দোষাৰোপ কৰিব খুজি লিখিছে যে ভালুকটোৰ সৈতে যুঁজি থকা এই পৰ্বত আৰোহীজন ৱাইল্ড ৷আনহাতে এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে যে ই একেবাৰে ভয়ানক তথা আশ্চৰ্যজনক, য’ত এজন পৰ্বত আৰোহীয়ে ভালুকৰ সৈতে যুঁজ দিছে ৷ ইফালে ভিডিঅ’টো চাই কিছুলোকে ভালুকটোৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি কৈছে যে ভিডিঅ’টোত দেখিবলৈ পোৱা এজনী মাতৃ ভালুকে কেৱল তাইৰ পোৱালীবোৰক সুৰক্ষা প্ৰদানৰ বাবেহে এনে কৰিছে ।লগতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে তেওঁ সঁচাকৈয়ে এইটো আশা কৰে যে সেই ঘটনাটোৰ পিছত ভালুকটো যেন আঘাতপ্ৰাপ্ত নহওঁক ৷
This mountain climber fighting off this bear is WILD!!!! 🤯🤯🤯🤯🤯🤯🤯 pic.twitter.com/1XEohWioaP
— Shannonnn sharpes burner (@shannonsharpeee) October 17, 2022