প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে বৃহস্পতিবাৰে গুজৰাটৰ কেৱাদিয়াত ‘মিছন লাইফ’ অভিযান আৰম্ভ কৰে ৷জীৱনৰ প্ৰতিটো সুক্ষ্ম কার্য অন্তভুর্ক্ত কৰি ‘মিছন লাইফ’ আৰম্ভ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ৷
মোদীয়ে কয় -“উদাহৰণস্বৰূপে, কিছুমানে এচিৰ উষ্ণতা ১৭ বা ১৮ ডিগ্ৰীলৈ হ্ৰাস কৰাটো পছন্দ কৰে। ইয়াৰ ফলত পৰিৱেশত নেতিবাচক প্ৰভাৱ পৰে। এয়াৰ কণ্ডিচনাৰ (এচি)ৰ উষ্ণতা ১৮ ডিগ্ৰীত ৰাখি তাৰ পিছত কম্বল লোৱাৰ পৰিৱৰ্তে এচিৰ উষ্ণতা ২৪ ডিগ্ৰীত ৰাখি বিদ্যুতৰ ব্যৱহাৰ কমোৱাই ভাল।’
জিম অনুৰাগীসকলৰ বাবেও প্ৰধানমন্ত্ৰীয়ে আগবঢ়াই এটি পৰামৰ্শ। তেওঁ কয় “গাড়ীৰে জিমলৈ যোৱাতকৈ খোজ কাঢ়ি যাব পাৰে ৷ ইয়াৰ দ্বাৰা স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ লগতে ইন্ধন আৰু শক্তিও সংৰক্ষণ হ’ব।’
“জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অভূতপূৰ্ব! হিমবাহ গলিছে, সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু ইয়াৰ আন প্ৰভাৱ এই গ্ৰহত বাস কৰা সকলো লোকৰ দৃষ্টিগোচৰ হৈছে।’-এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়।
মোডীয়ে আৰম্ভ কৰা ‘মিছন লাইফ’ ভাৰতে বিশ্বজুৰি আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে ৷ পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণক মূল উদ্দেশ্য হিচাপে লৈ এই মিছন আৰম্ভ কৰা হৈছে ৷
ফ্ৰান্স, ব্ৰিটেইন, আৰ্জেণ্টিনা, জৰ্জিয়া, গি, মাদাগাস্কাৰ, মৰিচাছ, ইষ্ট’নিয়া, নেপাল আৰু মালদ্বীপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মিছন লাইফ অভিযান (পৰিৱেশৰ বাবে জীৱনশৈলী) আৰম্ভ কৰাৰ বাবে অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে। প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা মতে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যক্তিগত আৰু সামূহিক পদক্ষেপ সুনিশ্চিত কৰাৰ বাবে ভাৰত নেতৃত্বাধীন বিশ্বজনীন গণ আন্দোলন হ’ব মিছন লাইফ ৷