মুকুতা বুলীয়া দাঁত। অৰ্থাৎ হাঁহিতিত যেন মুকুতা সৰি পৰে। চিকচিকিয়া বগা ধুনীয়া দাঁতৰ অধিকাৰী হ’বলৈ সকলোৰে মন যায় । কিছুমানৰ দাঁতৰ ৰঙ হালধীয়া হোৱাৰ বাবে কিছু অস্বস্তি ভুগিব লগীয়া হয়। হাঁহিবলৈ গৈ যেন থমকি ৰ’ব লগা হয় । কেতিয়াবা বংশগত কাৰণত দাঁতৰ ৰঙ হালধীয়া হ’ব পাৰে। আমাৰ দাঁতৰ এনামেল যদি পাতল হয় তেতিয়াও দাঁতৰ ৰঙ হালধীয়া হ’ব পাৰে। দাঁতৰ এনামেলৰ তলত ডেনটিন নামৰ এবিধ উপাদান থাকে।যাৰ ৰঙ হালধীয়া বা খয়েৰি ৰঙৰ হ’ব পাৰে। ইয়াৰ ফলত দাঁতৰ ৰঙ হালধীয়া হ’ব পাৰে।
নিয়মিত আৰু সঠিক ভাৱে দাঁত ব্ৰাছ কৰিলে দাঁতৰ হালধীয়া ৰঙ বহুত পৰিমাণে কমি যায়। তাৰোপৰি আমি ডক্টৰৰ পৰামৰ্শ লৈ হোৱাইটনিঙ ট্ৰিটমেণ্ট কৰিলেও দাঁত বগা চিকচিকিয়া হৈ কৰিব পাৰোঁ ।
আমি কিছুমান ঘৰুৱা উপায়েৰেও দাঁত পৰিষ্কাৰ কৰিব পাৰোঁ-ইয়াৰ কাৰণে প্ৰয়োজন এক চামোচ বেকিং চ’ডা। এক চামোচ বেকিং চ’ডাৰ লগত দুই চামোচ পানী মিহলাই পেষ্ট তৈয়াৰ কৰি ল’ব লাগে।এই পেষ্ট ব্ৰাছৰ সহায়েৰে ২ মিনিট সময় ব্ৰাছ কৰিব লাগে। এইদৰে নিয়মিত ভাৱে ব্ৰাছ কৰিলে দাঁতৰ ৰঙ হালধীয়াৰ পৰা চিকচিকিয়া বগা হৈ পৰে। এই উপায় অৱলম্বন কৰি দাঁতৰ বিভিন্ন সমস্যাৰ পৰাও ৰক্ষা পাব পাৰি । তাৰোপৰি দাঁতৰ গুড়িও মজবুত হৈ থকাত সহায় কৰে।