এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি তথা বিচিচিআইৰ সচিব জয় শ্বাহে অহা বছৰ এছিয়া কাপৰ বাবে ভাৰতে পাকিস্তান ভ্ৰমণ নকৰে আৰু নিৰপেক্ষ স্থানত খেল অনুষ্ঠিত হ’ব বুলি নিশ্চিত কৰাৰ পিছত ইয়াক লৈ তীব্ৰ চর্চা আৰম্ভ হৈছে ৷ জয় শ্বাহৰ মন্তব্যক লৈ পাকিস্তান ক্ৰিকেট ব’র্ডে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই সিদ্ধান্ত এছিয়ান ক্ৰিকেট কাউন্সিলৰ সদস্যসকলৰ পৰামৰ্শ নোলোৱাকৈয়ে লোৱা হৈছে বুলি উল্লেখ কৰিছে ৷ ব’ৰ্ডে কয় যে ইয়াৰ ফলত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ২০২৩ চনৰ বিশ্বকাপত পাকিস্তানৰ অংশগ্ৰহণত প্ৰভাৱ পৰিব পাৰে।
ভাৰততীয় ক্ৰিকেট টীমৰ অধিনায়ক ৰোহিত শৰ্মাক শনিবাৰে এক সংবাদমেলত এই বিষয়ত সোধা এটা প্ৰশ্নৰ উত্তৰত খেলুৱৈগৰাকীয়ে কয় যে বর্তমান ভাৰতীয় দলে টি-২০ বিশ্বকাপ আৰু ২৩ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকৰ আগন্তুক মেচত মনোনিৱেশ কৰিছে।
তেওঁ কয় “আমি এই বিশ্বকাপত মনোনিৱেশ কৰাটো বেছি প্ৰয়োজনীয় বুলি অনভৱ কৰিছো ,কাৰণ ই আমাৰ বাবে গুৰুত্বপূৰ্ণ। পিছত কি হ’ব সেই বিষয়ে আমি চিন্তিত নহয়। এই বিষয়ে চিন্তা কৰি লাভ নাই, বিচিচিআইয়ে সেইটোৰ ওপৰত সিদ্ধান্ত ল’ব। আমি মাত্ৰ কাইলৈৰ খেলখনত মনোনিৱেশ কৰিছো ৷”
মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলৰ জৰিয়তে অষ্ট্ৰেলিয়াত টি-২০ বিশ্বকাপ অভিযান আৰম্ভ কৰিব ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে।
ইয়াৰ পিছত ২৭ অক্টোবৰত ভাৰতে নেদাৰলেণ্ড আৰু তাৰ পিছত ৩০ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।তেওঁলোকৰ পৰৱৰ্তী দুখন খেল হ’ব ২ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে আৰু ৬ নৱেম্বৰত জিম্বাবুৱেৰ বিৰুদ্ধে।