জম্মু কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত শ্বেৰ -ই-কাশ্মীৰ ইণ্ডোৰ ষ্টেডিয়ামত শনিবাৰে আৰম্ভ হোৱা ছিনিয়ৰ এণ্ড মাষ্টাৰ (পুৰুষ আৰু মহিলা) শ্ৰেণীৰ ‘দশম ৰাষ্ট্ৰীয় পেনকাক চিলাট চেম্পিয়নশ্বিপ’ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ১২০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
চলিত বৰ্ষৰ ২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ কাশ্মীৰৰ শ্বেৰ ই ইণ্ড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণেৰে ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গোলাঘাট সৰুপথাৰ চুঙাজানৰ শ্ৰীমতী প্ৰেৰণা হাজৰিকাই । উল্লেখ্য যে প্ৰেৰণাই পেনকাক চিলাটৰ বাবে বিশেষ বৃত্তিৰে দেশৰ আগশাৰীৰ অভিজাত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ লগতে বৰ্তমান পঞ্জাৱত পেনকাক চিলাটৰ উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
ভাৰতীয় আৰক্ষী আৰু পেৰামিলিটাৰীৰ দলৰ ওপৰিও ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দলৰ অংশগ্ৰহণেৰে ২৪ অক্টোবৰত সমাপ্ত হয় এই তিনিদিনীয়া অনুষ্ঠানটোৰ । উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰ ক্ৰীড়া পৰিষদৰ পৃষ্ঠপোষকতাত ভাৰতীয় পেনকাক চিলাট এছ’চিয়েশ্যনৰ বেনাৰত জে এণ্ড কেৰ পেনকাক চিলাট এছ’চিয়েশ্যনে আয়োজন কৰিছিল এই প্ৰতিযোগিতাৰ ।