দীঘলীয়া অনুশীলনৰ পিছত দুপৰীয়াৰ আহাৰ হিচাপে ভাৰতীয় দলক ঠাণ্ডা খাদ্য প্ৰদান কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে খেলুৱৈসকল ৷ আনকি অনুশীলনৰ পাছত খাদ্য গ্ৰহণ নকৰাকৈয়ে অধিকাংশ ক্ৰিকেটাৰ হোটেললৈ ওভতি আহে ৷ প্ৰাপ্ত তথ্য অনুসৰি ঠাণ্ডা চেণ্ডুইচ আৰু ফালাফেল অনুশীলনৰ পাছত যোগান ধৰা হৈছিল ৷ কেইবাজনো খেলুৱৈয়ে এই খাদ্য নাকচ কৰে ৷ ইয়াৰ পৰিৱৰ্তে নিজৰ হোটেলৰ কোঠাত খাদ্য গ্ৰহণৰ বাবে তেওঁলোক ওভতি আহে ৷ ভাৰতীয় খেলুৱৈসকলে গৰম খাদ্য পছন্দ কৰে, যিটো তীব্ৰ প্ৰশিক্ষণৰ পিছত আৱশ্যকীয় বুলি গণ্য কৰা হয় ৷ মঙলবাৰে ই মেনুৰ অংশ নাছিল, য’ত ফালাফেলৰ বাহিৰেও ফল-মূল অন্তৰ্ভুক্ত কৰা হৈছিল।
দলৰ পৰিচালনা সমিতিয়ে সকলো বেগী বলাৰক জিৰণি দিয়াৰ বিপৰীতে অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া, বেটছমেন সূৰ্যকুমাৰ যাদৱ আৰু স্পিনাৰ অক্ষৰ পেটেলেও ঐচ্ছিক প্রশিক্ষণত অংশ লোৱা নাছিল৷ বিচিচিআইৰ এজন বিষয়াই পিটিআইক জনায় যে, “কেইজনমান খেলুৱৈয়ে ফলমূল আৰু ফালাফেল গ্ৰহণ কৰে কিন্তু সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব বিচাৰিছিল ৷ সেয়েহে হোটেললৈ উভতি যোৱাৰ পিছত তেওঁলোকে খাদ্য গ্ৰহণ কৰিছিল ৷ আই চি চিয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত কোনো ধৰণৰ গৰম খাদ্য যোগান ধৰা নাই। দ্বিপাক্ষিক শৃংখলাত আয়োজক সংস্থাই খাদ্য গ্ৰহণৰ দায়িত্ব লয় আৰু তেওঁলোকে সদায় প্ৰশিক্ষণৰ পিছত গৰম ভাৰতীয় খাদ্য যোগান ধৰে। কিন্তু আই চি চিৰ বাবে নিয়মটো অনুসৰি সকলো দেশৰ বাবে একে খাদ্য প্ৰদান কৰা হয় ৷ “
তেওঁ লগতে কয় যে দুঘণ্টাৰ প্ৰশিক্ষণৰ পিছত আপুনি কেৱল এভোকেডো, বিলাহী আৰু তিয়হৰ সৈতে ঠাণ্ডা চেণ্ডুইচ (আনকি গ্ৰীল কৰাও নহয়) খাব নোৱাৰে। আই চি চিয়ে বিষয়টো চোৱাচিতা কৰি শীঘ্ৰে বিষয়টো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আইচিচিৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, “হয়, ভাৰতীয় দলটোৱে অনুশীলনৰ পিছত খাদ্যৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যাৰ বিষয়ে আমাক জনাইছে। আমি বুজিবলৈ চেষ্টা কৰিছো আৰু সমস্যাটো সমাধান কৰা হ’ব।”