ভাৰতৰ চলচ্চিত্ৰ জগতৰ এক জনপ্ৰিয় নাম ৰবীনা টেণ্ডন ৷ ১৯৭২চনৰ ২৬ অক্টোবৰত মুম্বাইত পৰিচালক ৰবি টেণ্ডন আৰু বীনা টেণ্ডনৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল ৰবীনাই ৷ ১৯৯১চনৰ একচন ছবি ‘পাথৰ কে ফুল’ত অভিনয় কৰি অভিনয় জীৱনৰ আৰম্ভণি কৰা ৰবীনাই এই ছবিখনৰ বাবে ‘নিউ ফেচ অফ দা ইয়েৰ’ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
টেণ্ডনে ব্যৱসায়িকভাৱে সফল একচন ড্ৰামা দিলৱালে (১৯৯৪), মোহৰা (১৯৯৪), খিলাড়ীয়’ কা খিলাড়ী (১৯৯৬), আৰু জিদ্দী (১৯৯৭)ত মুখ্য চৰিত্ৰত অভিনয় কৰি বলীউডত প্ৰতিষ্ঠা লাভ কৰিছিল।
তেওঁ ১৯৯৪ চনত ‘লাডলা’ ছবিখনত তেওঁৰ চৰিত্ৰৰ বাবে ‘শ্ৰেষ্ঠ সহ-অভিনেত্ৰী’ৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন অৰ্জন কৰে আৰু ১৯৯০ৰ দশকৰ শেষৰ ফালে তেওঁ গোবিন্দাৰ সৈতে কেইবাখনো সফল হাস্য-ব্যংগ ছবিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰে, যাৰ ভিতৰত আছে ‘ বৰে মিঞা চোটে মিঞা’ (১৯৯৮), ‘দুলহে ৰাজা’ (১৯৯৮) আৰু ‘আনাৰী নং ১’ (১৯৯৯) আদিকে ধৰি কেইবাখনো চলচিত্ৰ।
ৰবীনাই জুহুৰ যমুনাবাই নাৰ্চি স্কুলত শিক্ষা লাভ কৰিছিল আৰু মুম্বাইৰ মিথিবাই মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। জেনেচিছr পিআৰ-ত তেওঁৰ ইন্টাৰ্ণশ্বিপ কৰিথকাৰ সময়ত, তেওঁ তেওঁৰ প্ৰথম চলচ্চিত্ৰৰ বাবে প্ৰস্তাৱ পাইছিল।
উল্লেখনীয় যে এগৰাকী অকলশৰীয়া মাতৃ হিচাপে টেণ্ডনে ১৯৯৫ চনত ১১ আৰু ৮ বছৰীয়া পূজা আৰু ছায়া নামৰ দুগৰাকী ছোৱালীক তুলি লৈছিল। তেওঁ তেওঁৰ ছবি ষ্টাম্পড (২০০৩) নিৰ্মাণৰ সময়ত চলচ্চিত্ৰ বিতৰক অনিল থাদানীৰ প্ৰেমত পৰিছিল । ২০০৪ চনৰ ২২ ফেব্ৰুৱাৰীত পাঞ্জাৱী পৰম্পৰা অনুসৰি ৰাজস্থানৰ উদয়পুৰৰ জগ মন্দিৰ প্ৰাসাদত থাদানীৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল ৷ ২০০৫ চনৰ মাৰ্চ মাহত তেওঁলোকৰ প্ৰথম কন্যা ৰাশাৰ জন্ম হয় ।আনহাতে ২০০৮ চনৰ জুলাই মাহত দ্বিতীয় সন্তান ৰণবীৰ বৰ্ধনৰ জন্ম হয় ।
গুৰুত্বপূৰ্ণ যে জনপ্ৰিয় বলীউড অভিনেত্ৰী ৰবীনা টেণ্ডন এগৰাকী পৰিৱেশবিদ আৰু ২০০২ চনৰ পৰা পেটাৰ সৈতে কাম কৰিছে।