এতিয়াৰ পৰা বিচিচিআইৰ চুক্তিবদ্ধ পুৰুষ ক্ৰিকেটাৰৰ সমানেই পাৰিশ্ৰমিক লাভ কৰিব মহিলা ক্ৰিকেটাৰে ৷ আজি এই বৃহৎ ঘোষণা কৰে বিচিআই-এ ৷ ক্ৰিকেটাৰৰ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত মহিলা ক্ৰিকেটাৰক পুৰুষ ক্ৰিকেটাৰৰ সৈতে সমতালৈ অনাৰ সিদ্ধান্ত বহু দিশত এক বৈপ্লৱিক সিদ্ধান্ত হিচাপে বিবেচিত হৈছে । বিচিচিআইৰ সম্পাদক জয় শ্বাহে নিশ্চিত কৰিছে যে ঠিকাভিত্তিক জ্যেষ্ঠ মহিলা ক্ৰিকেটাৰ সকলে পুৰুষ সমকক্ষৰ সমানেই মেচ মাচুল আদায় দিব ৷
শ্বাহে এক টুইটত কয় -“বৈষম্য মোকাবিলা কৰাৰ দিশত বিচিচিআইৰ প্ৰথম পদক্ষেপ ঘোষণা কৰি মই আনন্দিত হৈছো। আমি আমাৰ চুক্তিবদ্ধ মহিলা ক্ৰিকেটাৰসকলৰ বাবে পাৰিশ্ৰমিকৰ সমতা নীতি কাৰ্যকৰী কৰিছো। পুৰুষ আৰু মহিলা ক্ৰিকেটাৰ উভয়ৰে বাবে মেচ মাচুল একে হ’ব ৷ মহিলা ক্ৰিকেটাৰসকলে তেওঁলোকৰ পুৰুষ সমকক্ষসকলৰ দৰে একেটা মেচ মাচুল দিয়া হ’ব।টেষ্ট মেচত ১৫ লাখ টকা, এদিনীয়া মেচত ৬ লাখ টকা আৰু টি ২০ মেচত ৩ লাখ টক আদায় দিয়া হ’ব ৷ সমান পাৰিশ্ৰমিক আদায় দিয়া আমাৰ মহিলা ক্ৰিকেটাৰসকলৰ প্ৰতি মোৰ প্ৰতিশ্ৰুতি আৰু. সর্বোচ্চ পৰিষদে প্ৰদান কৰা সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো।জয় হিন্দ।“
The @BCCIWomen cricketers will be paid the same match fee as their male counterparts. Test (INR 15 lakhs), ODI (INR 6 lakhs), T20I (INR 3 lakhs). Pay equity was my commitment to our women cricketers and I thank the Apex Council for their support. Jai Hind 🇮🇳
— Jay Shah (@JayShah) October 27, 2022
২০২৩ চনত মহিলা আই পি এলৰ প্ৰথম ছিজন অনুষ্ঠিত হ’ব বুলি বি চি চি আইৰ বার্ষিক সাধাৰণ সভাত সিদ্ধান্ত লোৱাৰ মাত্ৰ কেইদিনমান পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০১৭ চনৰ আইচিচি মহিলা বিশ্বকাপত দলটোৱে ৰানাৰ্ছ আপৰ স্থান লাভ কৰাৰ পিছৰে পৰা ভাৰতীয় মহিলা ক্ৰিকেট দলে বিশেষ গুৰুত্ব লাভ কৰি আহিছে ৷ ইয়াৰ পিছতে দলটোৱে ২০২০ চনত টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ২০২২ চনৰ কমনৱেলথ গেমছতো ৰূপৰ পদক লাভ কৰে।
চলিত বৰ্ষৰ আৰম্ভণিতে নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডেও একেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰিছিল যে মহিলা জাতীয় দল আৰু ঘৰুৱা মহিলা খেলুৱৈসকলে পুৰুষৰ দৰেই মেচ মাচুল লাভ কৰিব।