অষ্ট্ৰেলিয়াত চলি থকা টি-২০ বিশ্বকাপৰ গ্ৰুপ ২ৰ দ্বিতীয়খন ছুপাৰ ১২ মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন টিম ইণ্ডিয়াই নেদাৰলেণ্ডক ৫৬ ৰানত পৰাস্ত কৰে। বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱে ২০ অভাৰত ১৭৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ খেলখনত ভাৰতীয় বলাৰসকলৰ উৎকৃষ্ট নেদাৰলেণ্ডক ২০ অভাৰত আটাইকেউটা উইকেট হেৰুৱাই ১২৩ ৰাণত সীমাবদ্ধ কৰি ৰাখে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ছিডনী ক্ৰিকেট খেলপথাৰত চলি থকা টি-২০ বিশ্বকাপৰ ছুপাৰ ১২ গ্ৰুপ ২ মেচত ভাৰতে নেদাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ টি ২০ বিশ্বকাপত ইতিমধ্যে জয়েৰে ভাৰতে নিজৰ অভিযান আৰম্ভ কৰিছে ৷ প্ৰথমখন মেচত চিৰবৈৰী পাকিস্তানক পৰাজিত কৰিবলৈ সক্ষঠ হৈছে ভাৰতীয় ক্ৰিকেট টীমে ৷