বিভিন্ন মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ আহিছে বিশ্ববাসী ৷ সময়ে সময়ে বিশাল গ্ৰহাণু পৃথিৱীৰ কাষেৰে পাৰ হৈ যায় ৷ পুনৰ আন এটা বিশাল গ্ৰহাণু বৃহস্পতিবাৰে পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যায় ৷ আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে প্ৰতি ছেকেণ্ডত ১৩ কিলোমিটাৰ (ঘণ্টাত ৪৬,৮০০ কিলোমিটাৰ) গতিৰে পৃথিৱীৰ কাষেৰে বিশাল গ্ৰহাণুটো পাৰ হৈ যায় ৷ এষ্টেৰয়ড ২০২২ইউএফ ৪ নামৰ গ্ৰহাণু মাত্ৰ ৪৫ লাখ কিলোমিটাৰ দূৰত্বৰে পাৰ হৈ যায় ৷ ইয়াৰ বহল আছিল ১৪০ ফুট ৷ অর্থাৎ ইয়াৰ আকাৰ প্ৰায় এখন বিমানৰ সমান।
২০২২ চনৰ ২৫ ছেপ্টেম্বৰত এই গ্ৰহাণুটো আৱিষ্কাৰ কৰা হৈছিল।ই গ্ৰহাণুৰ এপ’ল’ গোটৰ অন্তৰ্গত। ই ৩৭৬ দিনত সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে ৷ এই সময়ছোৱাত সূৰ্য্যৰ পৰা ইয়াৰ সৰ্বোচ্চ দূৰত্ব ২১৩ নিযুত কিলোমিটাৰ আৰু নিকটতম দূৰত্ব ৯২ নিযুত কিলোমিটাৰ।পুনৰ ২০৫৫ চনৰ ২৮ অক্টোবৰত গ্ৰহাণুটো পৃথিৱীৰ কাষেৰে পাৰ হৈ যায় ৷সেইদিনা পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ব ৮২.৩ লাখ কিলোমিটাৰ ৷