আজি জন্মদিন উদযাপন কৰিছে অদিতি ৰাও হায়দৰীয়ে । ১৯৮৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল দাক্ষিণাত্যৰ মোহময়ী অভিনেত্ৰী অদিতি ৰাও হায়দৰীৰ । অৱশ্যে তেওঁ কেৱল দক্ষিণতে নহয় হিন্দী চলচ্চিত্ৰ জগততো তেওঁ বৰ্তমান সমানেই জনপ্ৰিয় ৷ ‘পদ্মাৱত’ৰ দৰে চলচ্চিত্ৰত শক্তিশালী অভিনয়েৰে দৰ্শকক আপ্লুত কৰিছে অভিনেত্ৰী ।
হিন্দী চলচ্চিত্ৰ উদ্যোগত এনে বহুতো অভিনেতা- অভিনেত্ৰী আছে যি ৰাজ পৰিয়ালৰ অংশ। বৰ্তমান সময়ত তেনে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হ‘ল অদিতি ৰাও হায়দৰী। তেওঁৰ জন্ম হৈছিল হায়দৰাবাদৰ ৰাজা মহাৰাজা পৰিয়ালত । ১৮৬৯ চনৰ পৰা ১৯৪১চনলৈ হায়দৰাবাদৰ প্ৰধানমন্ত্ৰী আকবৰ হাইদাৰীৰ তেওঁ পৰিনাতি ৷ আনহাতে অসমৰ প্ৰাক্তন ৰাজ্যপাল মহম্মদ চালেহ আকবৰ হায়দাৰীৰ ভতিজী অদিতি। এই সকলোবোৰৰ উপৰিও, অদিতি ৰাও হায়দৰীৰ ককাদেউতাক জে ৰামেশ্বৰ ৰাৱে তেলেংগানাত ভানাপাৰ্থী শাসন কৰিছিল আৰু শান্তা ৰামেশ্বৰ ৰাও হায়দৰাবাদৰ এজন প্ৰখ্যাত শিক্ষাবিদৰ সৈতে অৰিয়েণ্ট ব্লেকছৱান প্ৰকাশন গৃহৰ অধ্যক্ষ আছিল। কেৱল এয়াই নহয়, তেওঁ আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সম্পৰ্কীয় ভগ্নীও।
অদিতিয়ে অন্ধ্ৰ প্ৰদেশৰ লেডী শ্ৰী ৰাম মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।এহছান হায়দৰী আৰু বিদ্যা ৰাওৰ কন্যা অদিতিৰ বয়স দুবছৰ হোৱাৰ সময়ত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল আৰু সেয়ে তেওঁ বেছিভাগ সময় তেওঁৰ মাকৰ সৈতে অতিবাহিত কৰিছিল। অদিতি এগৰাকী অভিনেত্ৰী আৰু লগতে এগৰাকী নৃত্যশিল্পী। তেওঁ ৬ বছৰ বয়সত ভাৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিল।উল্লেখনীয় যে অভিনেত্ৰী গৰাকীয়ে জীৱনৰ বেছিভাগ সময় মাকৰ লগত অতিবাহিত কৰিলেও তেওঁ তেওঁৰ মাক দেউতাক দুয়োৰে উপাধি ব্যৱহাৰ কৰে।