দিল্লী আৰু পঞ্জাৱৰ পাছত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ চহৰ গুজৰাটৰ নির্বাচনক লৈ তৎপৰ হৈ পৰিছে আম আদমী পার্টী চমুকৈ আপ ৷ পাঞ্জাৱৰ দৰেই বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত গুজৰাটতো কেজৰিৱালে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী বাচনিৰ প্ৰক্ৰিয়া ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত হোৱা পঞ্জাৱৰ পিছত এতিয়া অৰবিন্দ কেজৰিৱালে গুজৰাটত আৰম্ভ কৰিছে আপোনাৰ মুখ্যমন্ত্ৰী নির্বাচক কৰক অভিযান ৷
পঞ্জাৱত আম আদমী পাৰ্টিয়ে এটা সমীক্ষা চলাইছিল আৰু অধিকাংশ সমর্থকৰ ভোট লাভ কৰিছিল ভগৱন্ত মানে। পিছলৈ দলটোৱে জয়লাভ কৰিছিল আৰু মানে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। গুজৰাটতো জনসাধাৰণে এছএমএছ, কল, ইমেইলৰ জৰিয়তে মুখ্যমন্ত্ৰী পদৰ প্ৰার্থী কোন হোৱা উচিত সেই সন্দর্ভত মত প্ৰকাশ কৰিব পাৰিব ৷
শনিবাৰে পুৱা এক সংবাদমেলত আম আদমী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে প্রশ্ন কৰে– ‘পৰৱর্তী গুজৰাটৰ মুখ্যমন্ত্রী কোন হ’ব লাগে? অনুগ্ৰহ কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰক।”