মানুহৰ আশা-আকাংক্ষা আৰু বিলাসীতা সদায়েই অপৰিসীম ৷ যুগ যুগ ধৰি বিলাসিতাৰ নামত বহু মানুহে উপাৰ্জিত ধন ব্য়য় কৰিবলৈকো কেতিয়াও কুণ্ঠাবোধ নকৰে ৷ পৃথিৱীৰ বিভিন্ন ঠাইত এনে বহুতো ব্যয়বহুল আৰু বিলাসী হোটেল আছে যি ঠাইলৈ মানুহৰ সোঁত বয় । কিন্তু এনে হোটেলো আছে যি ব্যয়বহুল,বিলাসী হোৱাৰ লগতে বিপদজনক।কিন্তু বিপদজনক হ’লেও এই হাটেললৈ মানুহ যায় বা গৈ ভাল পায় ৷কাৰণ আনে কৰিব নোৱাৰা কাম এটা কৰি নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাটোৱেই মানুহৰ অভ্যাস ৷
‘দ্যা স্কাইলজ হোটেল ’ হৈছে দক্ষিণ আমেৰিকাৰ পবিত্ৰ উপত্যকাত নিৰ্মাণ কৰা এখন ওলমি থকা হোটেল, বিলাসী যদিও এই হোটেলখনক অতি বিপদজনক হোটেল বুলি গণ্য কৰা হয় ৷ এই হোটেলখন ৪০০ ফুট উচ্চতাত অৱস্থিত।
আইনাৰে আগুৰি থকা এই হোটেলখন পাহাৰৰ ভিতৰত ষ্টীল কেপচুলেৰে নিৰ্মাণ কৰা হৈছে। য’ত ট্ৰেকিং কৰাৰ পিছত ট্ৰেকাৰ সকলেও সহজেই ভাগৰ দূৰ কৰিব পাৰে।উল্লেখযোগ্য যে এই বিলাসী হোটেলখনৰ দৈনিক ভাড়া প্ৰায় ২০ হাজাৰ টকা।আনহাতে ইয়াত থকাটো যথেষ্ট বিপদজনক বুলি গণ্য কৰা হয় ৷ তথাপিও বহু পৰ্যটক ইয়ালৈ আহে যদিও হোটেলখন অতি উচ্চতাত অৱস্থিত বাবে সকলো মানুহ ইয়ালৈ অহা সহজ নহয় ।
জিপলাইনৰ সহায়ত পৰ্য্যটক সকল ইয়াত উপনীত হ’ব পাৰে। এই হোটেলখনলৈ যোৱাৰ আন এটা উপায় হ’ল পৰ্বতৰ কাষত নিৰ্মিত ধাতুৰ জখলা । কেপচুলসদৃশ এই হোটেলখন ২৪ ফুট দীঘল, ৮ ফুট বহল আৰু ৮ফুট ওখ য’ত আছে চাৰিখন বিচনা, এটা বাথৰুম আৰু এটা ডাইনিং ৰুম। ইয়াৰ পৰাই পৰ্য্যটক সকলে প্ৰকৃতিৰ মনোমোহা দৃশ্য অতি নিবিড়ভাৱে উপভোগ কৰিব পাৰে ৷
উল্লেখযোগ্য যে পাহাৰৰ উচ্চতাত অৱস্থিত পেৰুৰ এই হোটেলখন দুঃসাহসিক আৰু প্ৰকৃতি পৰ্যটনৰ প্ৰচাৰৰ বাবে নিৰ্মাণ কৰা হৈছে।পৃথিৱীৰ ভিতৰতে ই হৈছে সৰ্বোচ্চ উচ্চতাত নিৰ্মিত বিলাসী হোটেল ৷