বলিউডৰ পাছত হলিউডতো সমানেই জনপ্ৰিয় হোৱা প্ৰিয়ংকা চোপ্ৰা সম্প্ৰতি আমেৰিকাত স্থায়ীভাৱে থাকিবলৈ লৈছে ৷ স্বামী নিক জোনাছ আৰু কন্যা মাল্টি মেৰীৰ সৈতে প্ৰিয়ংকাই লছ এঞ্জেলত বাস কৰি আহিছে ৷ এসময়ত এখনৰ পাছত আন এখন ছবিৰে অসংখ্য অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰা প্ৰিয়ংকা ছোপ্ৰা আহিব মুম্বাইলৈ ৷ প্ৰায় তিনি বছৰৰ মূৰত ভাৰতলৈ আহিব অভিনেত্ৰী গৰাকী। শেহতীয়াকৈ প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিমানৰ বৰ্ডিং পাছৰ ফটো শ্বেয়াৰ কৰি ঘৰলৈ উভতি অহাৰ কথা প্ৰকাশ কৰিছে ৷ ছবিখনৰ লগতে তেওঁ লিখিছে, “অৱশেষত প্ৰায় ৩ বছৰৰ পিছত ঘৰলৈ যাম।” ক’ভিড-১৯ মহামাৰী আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহত কন্যা মাল্টি মেৰী চোপ্ৰা জোনাছৰ জন্মৰ পিছত প্ৰিয়ংকাৰ এয়া হ’ব প্ৰথম ভাৰত ভ্ৰমণ ৷
ইফালে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে লছ এঞ্জেলছৰ নিজৰ ঘৰত প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাকে ধৰি পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে দীপাৱলী উদযাপন কৰে। তেওঁলোকৰ কন্যা মেৰীৰ এয়া প্ৰথম দীপাৱলী আছিল। অভিনেত্ৰীগৰাকীয়ে এই উৎসৱৰ ছবি শ্বেয়াৰ কৰে য’ত তিনিজনীয়া পৰিয়ালটোক একেধৰণৰ পৰম্পৰাগত সাজ-পোছাকত দেখা পোৱা যায়।
উল্লেখ্য যে জনপ্ৰিয় তাৰকা গৰাকীকেইবাটাও প্ৰজেক্টত ব্যস্ত হৈ আছে ৷ ইটছ অল কমিং বেক টু মি, ৰুছ’ ব্ৰাদাৰ্ছৰ চিটাডেল আৰু ফাৰহান আখতাৰৰ জী লে জাৰাৰ দৰে ছবিত তেওঁ অভিনয় কৰিছে ৷ জী লে জাৰাত কেটৰিনা কাইফ আৰু আলিয়া ভাটে সহ অভিনয় কৰিছে।