পুনৰ লৰেন্স বিষ্ণয় গেঙেৰ ভাবুকিৰ সন্মুখীন হৈছে অভিনেতা ছলমান খান আৰু তেওঁৰ পৰিয়াল ৷ ইয়াৰ পাছত মুম্বাই আৰক্ষীয়ে অভিনতাজনৰ নিৰাপত্তা বৃদ্ধি কৰিছে ৷তেওঁক চৰকাৰে এই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ওৱাই প্লাছ গ্ৰেডৰ নিৰাপত্তা কভাৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে।
ইয়াৰ লগে লগে এজন ব্যক্তিগত নিৰাপত্তা বিষয়া আৰু কমাণ্ডোকে ধৰি ১১ জন সশস্ত্ৰ আৰক্ষী জোৱানৰ চোকা নজৰত থাকিব চলমান ।লৰেন্স বিষ্ণয় জেলত থকাৰ সময়তে তেওঁৰ দলটোৱে চলিত বৰ্ষৰ মে’ মাহত পঞ্জাৱৰ মানছা জিলাৰ নিজৰ গাঁৱৰ সমীপত পাঞ্জাবী গায়ক সিদ্ধু মূছেৱালাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ কিছু বছৰৰ আগতেও লৰেন্স বিষ্ণয় গেঙে যোধপুৰত আদালতৰ শুনানিৰ বাবে হাজিৰ হোৱাৰ সময়ত ছলমান খানক ভাবুকি দিছিল। তেওঁ কৈছিল যে ছলমান খানে কৃষ্ণ হৰিণ চিকাৰ কৰি বিষ্ণয় লোকসকলৰ আৱেগক আঘাত দিছিল ৷ শেহতীয়াকৈ ছলমান খানৰ পিতৃ চেলিম খানলৈ পত্ৰ প্ৰেৰণ কৰি ভাবুকি প্ৰদান কৰিছিল ৷
মহাৰাষ্ট্ৰৰ একনাথ ছিন্দে -বিজেপি চৰকাৰে কয় যে ৰাজ্যখনৰ গৃহ বিভাগে ছলমান খানক ‘ৱাই প্লাছ’ নিৰাপত্তা প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে ৷ ভাৰতত প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ নিৰাপত্তা হৈছে ওৱাই প্লাছ নিৰাপত্তা ব্যৱস্থা ৷